NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত কিষাণ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী, প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

Posted by: প্রণৱ কুমাৰ ডেকা Updated by: প্রণৱ কুমাৰ ডেকা September 10, 2021 8:00 am
pp

ভাৰতীয় কিষাণ সংঘৰ বঙাইগাঁও জিলা সমিতিয়ে  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

জিলা সমিতিয়ে যথা সময়ত এম এচ পি ত ধান ক্ৰয় আৰু উৎপাদন খৰচ অনুসাৰে কৃষকৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ নিশ্চিত উচিত বজাৰ মূল্য  প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ কৃষকৰ উৎপাদিত ফচলৰ উচিত লাভজনক বজাৰ মূল্য দিয়ক, যথাসময়ত ধান ক্ৰয় কৰক, স্থানীয় কৃষকৰ ধান চৰকাৰে ক্ৰয় কৰা ব্যৱস্থাটো ত্ৰুটিমুক্ত কৰক, স্থানীয় কৃষকৰ ফচল বিক্ৰীৰ বাবে সুব্যৱস্থিত বজাৰৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল’গান দিয়ে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত উপৰোক্ত দাবীত জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা জিলা কিষাণ সংঘৰ সম্পাদক তপন দাসে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ প্ৰতিখন জিলাতে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

ইয়াৰ জৰিয়তে আমি থলুৱা কৃষকৰ পৰা চৰকাৰক উচিত বজাৰ মূল্যত ধান ক্ৰয় কৰিবলৈ আৰু থলুৱা কৃষকসকলৰ বাবে এখন উপযুক্ত বজাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছো ৷

কাৰণ উপযুক্ত বজাৰ এখন নথকাৰ বাবে কৃষকসলকে নিজৰ উৎপাদিত ফচলৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈছে ৷