NORTHEAST NOW (Assamese)
দেশ

কেন্দ্রীয় মন্ত্রী গাডকাৰীক ধনদাবী- হত্যাৰ ভাবুকি! কাৰাৰুদ্ধ আততায়ীক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2023 4:35 pm
Nitin Gadkari

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ পুনৰ আহিছে ভাবুকি। এইবাৰ ফোন যোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক দহ কোটি টকা ধনদাবী দুৰ্বৃত্তৰ। নতুন বৰ্ষৰ আৰম্ভণিৰ ফালে ফোন যোগে দুৰ্বৃত্তই গাডকাৰীক হত্যাৰ ভাবুকি দিয়াৰ পিছত শেহতীয়াকৈ তেওঁৰ কার্যালয়লৈ আহিল ধনদাবীৰ ফোন।

দুয়োটা ফোনকলত জড়িত থকাৰ অভিযোগত আজি নাগপুৰ আৰক্ষীয়ে কর্নাটকৰ বেলাগাৱীৰ এখন কাৰাগাৰৰ পৰা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী কাৰাৰুদ্ধ ব্যক্তিক জিম্মাত লৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

নাগপুৰৰ আৰক্ষীৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, হিন্দলগা কাৰাগাৰৰ পৰা অভিযুক্ত জয়েশ পূজাৰী ওৰফে জয়শ কন্থা নামৰ ব্যক্তগৰাকীক জিম্মাত লৈ পুৱা বিমানেৰে নাগপুৰলৈ অনা হয়।

দুয়োটা ভাবুকিভৰা ফোনকলৰ অভিযোগত পূজাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটা গোচৰ। বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে,কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক এনেদৰে ফোন কৰি ভাবুকি দিয়াৰ আঁৰত থকা পূজাৰীৰ উদ্দেশ্য জনাৰ বাবে তেওঁক জেৰা কৰা হ’ব।

উল্লেখ্য যে, যোৱা ১৪ জানুৱাৰীত নিজকে জয়েশ পূজাৰী বুলি পৰিচয় দি এগৰাকী লোকে নাগপুৰত থকা গাডকাৰীৰ জনসংযোগ কাৰ্যালয়লৈ ফোন কৰি ১০০ কোটি টকা দাবী কৰিছিল।

ফোন কৰা ব্যক্তগৰাকীয়ে নিজকে কুখ্যাত ডন ডাউদ ইব্ৰাহিমৰ গেঙৰ সদস্য বুলি দাবী কৰিছিল। ইয়াৰ পিছত শেহতীয়াকৈ ২১ মাৰ্চত এই একেগৰাকী ব্যক্তিয়েই পুনৰ গাডকাৰীৰ কাৰ্যালয়লৈ ফোন কৰি ১০ কোটি টকা নিদিলে তেওঁৰ ক্ষতি কৰা হ’ব বুলি ভাবুকি দিয়ে।

এই ভাবুকিৰ পিছতে নাগপুৰৰ সাংসদগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, এই ফোনকলৰ অভিযোগত জিম্মাত লোৱা জয়েশ পূজাৰী হত্যাকাণ্ডৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত হৈ আছে। অৱেশ্যে পূজাৰীয়ে গাডকাৰীক এইদৰে ভাবুকি দিয়াত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।