NORTHEAST NOW (Assamese)
Popular Stories

২৫০ কুকুৰ হত্যাৰে প্ৰতিশোধ লোৱাৰ পিছত বন্দী হ’ল দুই বান্দৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2021 7:51 pm
Monkeys Caught for 'Revenge Killing' Of 250 Dogs

মহাৰাষ্ট্ৰৰ এখন গাঁৱত প্ৰায় ২৫০ টা কুকুৰৰ হত্যাত জড়িত থকাৰ অভিযোগত দুটা বান্দৰক বন্দী কৰা হৈছে। সংবাদ সংস্থা ANI ৰ বাতৰি অনুসৰি অঞ্চলটোত কুকুৰে এটা নৱজাতক বান্দৰ পোৱালীক হত্যা কৰাৰ পিছত প্ৰতিশোধ ৰূপে বান্দৰ দুটা এই হত্যাকাণ্ডক লিপ্ত হয়।

বিড ফৰেষ্ট অফিচাৰ শচীন কান্দে ANI ক কয়, “বহুতো পোৱালী হত্যাৰ সৈতে জড়িত দুটা বান্দৰক বিডৰ নাগপুৰ বন বিভাগৰ দলে বন্দী কৰিছে।

বান্দৰবোৰ নাগপুৰলৈ স্থানান্তৰিত কৰা হৈছে আৰু ওচৰৰ অৰণ্যত এৰি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

স্থানীয় লোকে কয় যে বান্দৰবোৰে লাভুল গাঁৱত যোৱা কেইমাহমান ধৰি কুকুৰবোৰক হত্যা কৰি আহিছে। কুকুৰ পোৱালী দেখাৰ লগে লগে বান্দৰ কেইটাই পোৱালীটোক ওখ ঠাইলৈ লৈ যায় আৰু তাৰ পৰা দলিয়াই দিয়ে।

ANI এ জনোৱা অনুসৰি বান্দৰবোৰে স্কুললৈ যোৱা কিছুমান শিশুকো আক্ৰমণ কৰাৰ পিছত গাওঁবাসীয়ে ধাৰুৰৰ বন বিভাগৰ সৈতে যোগাযোগ কৰে।

এই অদ্ভুত ঘটনাটোৱে কেৱল গাওঁবাসী আৰু কৰ্তৃপক্ষৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰাই নহয়, সামাজিক মাধ্যমতো আমোদৰ সৃষ্টি কৰিছে।

ছ’চিয়েল মিডিয়াত বহু লোকে ‘বান্দৰ বনাম কুকুৰ যুদ্ধ’ ৰ মিম্ শ্বেয়াৰ কৰি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে।