NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যৰ ১ লক্ষাধিক অটোৰিক্সা-টেক্সিচালকক ৫ হেজাৰ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2021 7:09 am
ৰাজ্যৰ ১ লক্ষাধিক অটোৰিক্সা-টেক্সিচালকক ৫ হেজাৰ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব, ক’ত?

দিল্লী চৰকাৰে কোভিড লকডাউনৰ  ক্ষতিপূৰণ হিচাপে ৰাজ্য়খনৰ ১৫৫,৩০১ জন অটোৰিক্সা, টেক্সি, ই-ৰিক্সাৰ দৰে ৰাজহুৱা পৰিবহণৰ চালকসকলৰ প্ৰত্য়েকলৈ ৫,০০০ টকা এককালীন বিত্তীয় সাহাৰ্য আগবঢ়াইছে।

দেওবাৰে ৰাজ্য়খনৰ পৰিবহন মন্ত্ৰী কৈলাশ গেহলটে টুইটযোগে চৰকাৰৰ এই সিদ্ধান্ত ৰাজহুৱা কৰিছে।

মন্ত্ৰীজনে কয়  যে সোমবাৰৰ পৰা তেওঁলোকৰ বেংক একাউণ্টলৈ সাহাৰ্যসূহ প্ৰেৰণ কৰা হ’ব।

উল্লেখযোগ্য় যে দিল্লীত বৰ্তমান ৩১ মে’লৈকে লকডাউন চলি আছে।