NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়-শিলচৰৰ মাজত ৮ এপ্ৰিলৰ পৰা চলিব সাপ্তাহিক ৰে’ল

Posted by: এন ই নাও নিউজ April 6, 2018 11:07 pm

অহা দেওবাৰৰ পৰা ডিব্ৰুগড় আৰু শিলচৰৰ মাজত আৰম্ভ হ’ব এখন নিয়মীয়া সাপ্তাহিক ৰে’ল।

এন এফ ৰে’লৱে’ৰ সূত্ৰই সদৰী কৰা মতে দেওবাৰে ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে এই নতুন ৰে’লখনৰ সেৱা উদ্বোধন কৰিব।

১৫৯৪৪ নম্বৰৰ ডিব্ৰুগড়-শিলচৰ এক্সপ্ৰে’ছ ৰে’লখনে প্ৰতি সোমবাৰে গধূলি ৭ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰি পৰৱৰ্তী দিনা পুৱা ৮.৪০ বজাত শিলচৰত উপস্থিত হ’ব।

আনহাতে ১৫৯৪৩ নম্বৰৰ ৰে’লখনে প্ৰতি মঙলবাৰে ৰাতি ১০.১৫ বজাত শিলচৰ এৰি পিছদিনা দুপৰীয়া ১১.২০ বজাত ডিব্ৰুগড় পাবহি।

ৰে’লখনত বাতানুকূল ২ টায়াৰ, ৩ টায়াৰ, স্লীপাৰ আৰু সাধাৰণ শ্ৰেণীৰ ব্যৱস্থা থাকিব। দুয়োফালৰ পৰা যাত্ৰাপথত ৰে’লখন শিৱসাগৰ টাউন, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং, ডিমাপুৰ, লামডিং, নিউ হাফলং আৰু বদৰপুৰ আস্থানত ৰ’ব।