NORTHEAST NOW (Assamese)
অসম

বিধানসভাত মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিধেয়ক গৃহীত : ৪৩ মাহে দৰমহা নোপোৱা পঞ্চায়ত প্ৰতিনিধিৰ কথা চিন্তা নকৰিলে বিধানসভাই

Posted by: এন ই নাও নিউজ April 6, 2018 10:51 pm
assam-assembly_650x400_41494512258

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনটোত গৃহীত হ’ল কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। ইয়াৰ ভিতৰত ঘাইকৈ আছে মন্ত্ৰী-বিধায়কৰ দৰমহা সম্পৰ্কীয় বিধেয়ক। নতুন বিধেয়কে ৰাজ্যখনৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহা প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰিব। ইয়াৰ লগতে পূৰ্বৰ ভাট্টাসমূহো প্ৰায় দুগুণ কৰা হৈছে।

নতুন দৰমহা গাঁথনি মতে, এতিয়াৰে পৰা মুখ্য মন্ত্ৰীৰ দৰমহা ১ লাখ ৩০ হাজাৰ টকা (পূৰ্বতে আছিল ৯০ হাজাৰ টকা), লগতে অন্যান্য ভাট্টাসমূহো দুগুণ হ’ব। বিধানসভাৰ অধ্যক্ষই পাব ১ লাখ ২০ হাজাৰ টকা (পূৰ্বতে আছিল ৮০ হাজাৰ টকা)। আন আন মন্ত্ৰীসকলে দৰমহা পাব ১ লাখ ১০ হাজাৰ টকাকৈ (পূৰ্বতে আছিল ৮০ হাজাৰ টকা)। বিধায়কসকলে লাভ কৰিব ৮০ হাজাৰ টকাকৈ (পূৰ্বতে আছিল ৬০ হাজাৰ টকা)। বিৰোধী দলৰ দলপতিয়ে পাব ১ লাখ ১০ হাজাৰ টকা (পূৰ্বতে আছিল ৮০ হাজাৰ টকা)। আনহাতে প্ৰাক্তন বিধায়কৰ পেন্সনৰ পৰিমাণ বৃদ্ধি কৰি পূৰ্বৰ ৩০ হাজাৰ টকাৰ বিপৰীতে ৪০ হাজাৰ টকা কৰা হৈছে।

bill-salary-assembly

এই নতুন বিধেয়কৰ প্ৰস্তাৱবোৰ ১ এপ্ৰিল, ২০১৮ তাৰিখৰ পৰাই কাৰ্য্যকৰী হ’ব।

মন কৰিব লগীয়া যে পুঁজিৰ অভাৱত ৰাজ্যৰ জ্বলন্ত সমস্যাবোৰ সমাধানহীন অৱস্থাত ৰৈ যোৱাৰ সময়তে আইন প্ৰণেতা তথা জনপ্ৰতিনিধিসকলে নিজৰ দৰমহা ইচ্ছামতে বৃদ্ধি কৰি লোৱাটোৱে সৰ্বসাধাৰণ নাগৰিকৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে। আনহাতে পঞ্চায়ত পৰ্য্যায়ৰ প্ৰতিনিধিসকলৰ বিগত ৪৩ মাহ ধৰি দৰমহা হোৱা নাই। সৰ্বসাধাৰণৰ মাজলৈ চৰকাৰৰ আঁচনিবোৰ লৈ যোৱা, সৰ্বসাধাৰণক চৰকাৰৰ সজাগতামূলক কাৰ্য্যবোৰ জনপ্ৰিয় কৰাত ভূমিকা লোৱা এই পঞ্চায়ত প্ৰতিনিধিসকলে তেনেই কম দৰমহা লাভ কৰে। এই কম দৰমহাৰো বিগত ৪৩ মাহৰ দৰমহা পোৱা নাই পঞ্চায়ত প্ৰতিনিধিসকলে। অথচ এই লৈ চৰকাৰ মুঠেই উদ্বিগ্ন নহয়।

আনহাতে শ শ ছাত্ৰী আৰু কৰ্মৰত শিক্ষকৰ ভৱিষ্যত দোদুল্যমান অৱস্থাত ৰখা অসম মহিলা বিশ্ববিদ্যালয় সম্পৰ্কতো চৰকাৰৰ স্পষ্ট স্থিতি বিধানসভাৰ মজিয়াত দেখা নগ’ল।

ঘোষণা নহ’ল ৰাজ্যৰ ভগ্ন মথাউৰিবোৰৰ মেৰমতি সম্পৰ্কীয় পদক্ষেপ। ইমানবোৰ সমস্যাক পিঠি দি জনপ্ৰতিনিধিসকল ব্যস্ত হ’ল নিজৰ দৰমহা বৃদ্ধি কৰাত।