NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত মহকুমা প্ৰশাসন আৰু ড্ৰাগছ পৰিদৰ্শকৰ অভিযান, ফাৰ্মাচী ছীল

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক September 10, 2021 8:40 am
pp

বাক্সাৰ তামুলপুৰত মহকুমা প্ৰশাসন আৰু ড্ৰাগছ পৰিদৰ্শকৰ অভিযান।

মা মেডিক’জ নামৰ এখন ফাৰ্মাচী ছীল কৰিলে ড্ৰাগছ পৰিদৰ্শকে।

তামুলপুৰ মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰৰ নিৰ্দেশ মৰ্মে দণ্ডাধীশ প্ৰীতম ঠাকুৰীয়াৰ উপস্থিতিত ড্ৰাগছ পৰিদৰ্শকে তামুলপুৰৰ কেইবাখনো ফাৰ্মাচীত তালাচী অভিযান চলায়।

অভিযান কালত তামুলপুৰ মহকুমা সদৰৰ মা মেডিক’জ নামৰ ফাৰ্মাচী  খনে ড্ৰাগছ আইনৰ অধীনৰ যথোপযুক্ত নথি পত্ৰ দেখুৱাবলৈ সমৰ্থ নোহোৱাত ফাৰ্মাচী খন ছীল কৰা হয়।

উল্লেখ্য বহু ফাৰ্মাচীয়ে চৰকাৰৰ যাৱতীয় বিধি উলংঘা কৰি ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।

চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ এনে অভিযানক সেয়ে বহুতে প্ৰশংসা কৰা দেখা গৈছে।