NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ নাহৰজান চাহ বাগিচাত আটছাৰ শ্বহীদ দিৱস পালন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 8, 2021 5:30 pm
received_882611652323298

ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ মাজতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সোমবাৰে নাহৰজান  চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উদ্যোগত চাহ বাগিচাখনত ছাত্ৰ সংগঠনটোৰ ৩৩ সংখ্যক শ্বহীদ দিৱস উযাপন কৰে ।

সম্পুৰ্ণ ক’ভিড প্ৰট’কল মানি উদযাপন কৰা শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে আটছাৰ নাহৰজান চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সম্পাদক অবিনাশ নাগে।

শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ সংগঠনটোৰ সদস্য সকলে বাগিচাৰ বিভিন্ন স্থানত বৃক্ষ ৰেপনো কৰে ৷

ইয়াৰ পিচত নাহৰজান চাহ বাগিচাৰ ক’ভিড কেন্দ্ৰত লঘু আহাৰ আৰু ফলমূল বিতৰণ কৰাৰ উপৰিও আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা পৰিক্ষাৰ্থী সকলক আটছাৰ তৰফৰ পৰা কলম আৰু মাস্ক বিতৰণ কৰে৷

সন্ধিয়া বাগিচাখনত বন্তি প্ৰজ্বলন কাৰ্যসুচী ৰূপায়ন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে আটছাৰ বোকাখাত উপশাখাৰ সম্পাদক কিষাণ তাঁতী আৰু সহযোগ কৰে প্ৰাক্তন আটছা কৰ্মী অমিত কৰ্মকাৰে ৷