NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ হাতীবন্ধাত দিন দুপৰতে ডকাইতি কাণ্ড; প্ৰায় ডেৰ লাখ টকা লৈ উধাও ৪ দুৰ্বৃত্ত

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা June 8, 2021 6:07 pm
Kaliabor story

হাতীবন্ধাস্থিত ভাৰতীয় ষ্টেট বেংকৰ CSP শাখাত কৰ্মৰত হেমন্ত তিমচিনা নামৰ এগৰাকী ব্যক্তিয়ে ডেৰ লাখ টকা বেংকটোৰ পৰা উলিয়াই আনোতে দুখন বাইকত অহা চাৰি দুৰ্বৃত্তই বন্দুক দেখুৱাই বেগ কাঢ়ি উধাও হয়।

দুৰ্বৃত্তৰ টনা-আজোৰাত আঘাত প্ৰাপ্ত হয় হেমন্ত তিমচিনা।লগে-লগে জখলাবন্ধা হাস্পতাললৈ প্ৰেৰণ কৰা হয় ব্যক্তিগৰাকীক।

কলিয়াবৰৰ উলুৱনী আৰক্ষী-চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে চাৰি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে¸ চুলুং আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে চুলুং টহলদাৰী আৰক্ষী আৰু উলুৱনী থানাৰ আৰক্ষীয়ে অভিযান চলাই সোধা পোচাৰ বাবে ৩ নং বৰঘূলিৰ ৰছিদুল হকক আটক কৰে।