NORTHEAST NOW (Assamese)
অসম

কয়লাৰ চোৰাং বেহা : লিডুত অবৈধ কয়লা খননত ব্যৱহৃত জেচিবি জব্দ

Posted by: মানস প্ৰতিম গগৈ October 27, 2018 9:01 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং, লিডু, লেখাপানীত ব্যাপক ৰূপত কয়লাৰ চোৰাং খনন আৰু বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে।

এই কথা প্ৰমাণ কৰিছে আজি আৰক্ষী আৰু কল ইণ্ডিয়াৰ সুৰক্ষা বাহিনীয়ে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ মালো পাহাৰত অবৈধভাৱে কয়লাৰ চোৰাং খননত ব্যৱহৃত এ এছ ২৩ এচি নম্বৰৰ এখন জেচিবি গাড়ী জব্দ কৰা ঘটনাই।

ইতিমধ্যে লিডু আৰক্ষীয়ে জেচিবিখনৰ চালক অজয় নিৰমলীয়া(২৪) ক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে।

জনৈক নাগেন্দ্ৰ প্ৰসাদ নামৰ এজন কুখ্যাত কয়লা মাফিয়া এই জেচিবিখনৰ গৰাকী বুলি জানিব পৰা গৈছে।

এনেদৰে একাংশ অসাধু কয়লা মাফিয়াই লিডুৰ পাটকাই পাহাৰ, নামদাং, আৰাধাৰা, নামটকৰ বিভিন্ন স্থানত অবৈধভাৱে কয়লা খনন কৰি অহাৰ  অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় সচেতন মহলে।

লগতে কয়লাৰ চোৰাং বেহা বন্ধ ৰখা হ’ব বুলি মুখ্য মন্ত্ৰী সোণোৱালে কৰা ঘোষণা ফুটুকাৰ ফেনত পৰিণত হোৱাৰ উপৰি বিজেপি চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে শূন্য সহনশীল নীতিক এই অসাধু কয়লা মাফিয়াই অংগুষ্ঠ দেখুওৱা বুলিও স্থানীয় ৰাইজে মন্তব্য কৰে।

তাৰোপৰি এই চোৰাং কয়লা মাফিয়াই একাংশ সন্দেহযুক্ত বাংলাদেশী শ্ৰমিকক অবৈধ চোৰাং কয়লা খনন কাৰ্যত ব্যৱহাৰ কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে।