NORTHEAST NOW (Assamese)
অসম

২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্য্যগ্ৰহণ; অসমৰ পৰাও দেখা যাব এই গ্ৰহণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2019 2:06 pm

কাইলৈ অৰ্থাৎ ২৬ ডিচেম্বৰত বলয়গ্ৰাস সূৰ্য্যগ্ৰহণ সম্পন্ন হ’ব আৰু অসমৰ পৰাও এই গ্ৰহণ আংশিক ৰূপত দেখা যাব।

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ভাৰতৰ দক্ষিণ অংশৰ পৰা এই গ্ৰহণ অধিক ভালকৈ দেখা পাব। কেৰালা, কৰ্ণাটক আৰু তামিল নাডুৰ আকাশত ইয়াক চন্দ্ৰটোৰ চাৰিওফালে উজ্জ্বল হৈ উঠা এটা আঙুঠিৰ দৰে দেখা পোৱা যাব।

এইবোৰ অঞ্চলত গ্ৰহণ পুৱা ৮.০৪ বজাত আৰম্ভ হ’ব, যিসময়ত চন্দ্ৰটোৱে সূৰ্য্যৰ দাঁতি স্পৰ্শ কৰিব। পূৰ্ণগ্ৰহণ দেখা যাব পুৱা ৯.২৬ বজাত। গ্ৰহণ শেষ হ’ব ১১.০৫ বজাত।

অসমৰ আকাশতো সূৰ্য্যটো প্ৰায় ৪০% ঢাক খোৱা দেখা যাব আৰু ৮ বাজি ৩৯ মিনিটত আৰম্ভ হৈ ১০-০২ বজাত সৰ্বোচ গ্ৰহণৰ পিছত ১১-৩৬ বজাত গ্ৰহণ ভাগিব৷

জ্যোতিৰ্বিজ্ঞানীসকলে চকুত ফিল্টাৰ লৈ এই গ্ৰহণ চোৱাটো নিৰাপদ বুলি মত আগ বঢ়াইছে।

চন্দ্ৰই ইয়াৰ গতিপথত আগুৱাই যাওঁতে পৃথিৱী আৰু সূৰ্য্যৰ মাজত অৱস্থান ল’লে সূৰ্য্য গ্ৰহণ সম্পন্ন হয়। চন্দ্ৰৰ পৰা আঁৰ হৈ পৰা বাবে পৃথিৱীৰ পৰা সূৰ্য্যটো দেখা নোপোৱা হয়। এইটো এটা বাৰ্ষিক মহাজাগতিক ঘটনা। বছৰত কেতিয়াবা দুটা আৰু সৰ্বাধিক ৫টা এনে গ্ৰহণ হ’ব পাৰে বুলি নাছাৰ তথ্যত প্ৰকাশ

চৌদি আৰব, কাটাৰ, য়ুনাইটেড আৰব এমিৰেটছ, ওমান, শ্ৰীলংকা, মালয়েছিয়া, ইণ্ডোনেছিয়া, উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ আৰু গুৱামৰ পৰাও এই গ্ৰহণ দেখা যাব বুলি জ্যোতিৰ্বিজ্ঞানীসকলে জানিবলৈ দিছে।