NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বৰদিন পালন; সাংস্কৃতিক কাৰ্যসূচী বাতিলেৰে কা’ বিৰোধী আন্দোলনক সমৰ্থন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2019 1:17 pm
20191225_113959

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো অসমৰ অন্যতম পৌৰাণিক তথা ঐতিহ্যমণ্ডিত গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীটো উলহ মালহেৰে পালন কৰা হয় পবিত্ৰ বৰদিন।

১৮৪৫ খ্ৰীষ্টাব্দত স্থাপিত এই গীৰ্জাৰ চৌদিশে বৰদিন উপলক্ষে আলোকসজ্জাৰে সজাই তেলা হৈছে। ক্যেৰলৰ সুমধুৰ ধ্বনিত গীৰ্জা ঘৰত যীচুৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

আনহাতে বৰদিনৰ প্ৰাক সন্ধিয়া শিৱসাগৰৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শিৱসাগৰ নগৰস্থিত ঐতিহাসিক বাপ্তিষ্ট গীৰ্জাঘৰত উপস্থিত হৈ খ্ৰীষ্টান ধৰ্মালম্বী সকলৰ লগতে সমূহ শিৱসাগৰবাসী ৰাইজলৈ বৰদিনৰ শুভকামনা জ্ঞাপন কৰে।

বৰদিন উপলক্ষে সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জনোৱাৰ লগতে উপায়ুক্ত গৰাকীয়ে উৎসৱৰ এই পবিত্ৰ ক্ষণত একনিষ্ঠ মনোভাৱ আৰু আন্তৰিকতাৰে সকলোৰে মাজত শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ সাঁকো গঢ়ি তোলাৰ কামনা কৰে।

ইফালে উৎসৱৰ সমান্তৰালকৈ শিৱসাগৰৰ খ্ৰীষ্টান সমাজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে। কা’ বিৰোধিতাৰে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে বৰদিনৰ সন্ধিয়া অনুষ্ঠিত কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল কৰে।

উল্লেখ্য যে কিছদিন পূৰ্বে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ উদ্যোগত শিৱসাগৰৰ খ্ৰীষ্টান সমাজে কা’ বাতিলৰ দাবীত শিৱসাগৰ চহৰত মমবাতি লৈ এক সমদল বাহিৰ কৰিছিল।