NORTHEAST NOW (Assamese)
অসম

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত বাইক আৰোহী

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস December 25, 2019 3:54 pm
accident

বৰপেটা চহৰত আজি দুপৰীয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আহতপ্ৰাপ্ত হয়।

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ সন্মুখেৰে হাউলী লৈ যোৱা নতুন বিকল্প ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ প্ৰায় ১২:৩০ মিনিটত  ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ।

জানিব পৰা মতে, কলগাছিয়াৰ বালিকুৰিৰ জয়নুদ্দিন বেগৰ পুত্ৰ ছাইফুল বেগ (২২) আৰু ইজ্জত খাঁৰ পুত্ৰ জাহিদুল ইছলামে (২১)  AS 15M 7034 নম্বৰৰ আপাচি বাইকেৰে হাউলী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা AS 01 LC 1636 বাৰ চকীয়া চিমেন্ট ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।

এই দুৰ্ঘটনাত ছাইফুল ইছলামৰ থিতাতে মৃত্যু হয় আৰু জাহিদুল ইছলাম গুৰুতৰ ভাৱে আহত হয়।

পথ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় যদিও ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বাহন দুখন জব্দ কৰে।