NORTHEAST NOW (Assamese)
Popular Stories

মান-ইজ্জত নাই নেকি ক্ৰিকেটাৰৰ : অপমানিত ক্ৰিকেটাৰৰ পক্ষত মহম্মদ ছামী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 11, 2024 7:17 am

লক্ষ্ণৌ ছুপাৰ জয়েন্টৰ স্বতাধিকাৰী সঞ্জীৱ গোৱেংকাই কে এল ৰাহুলক ককৰ্থনা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ভাৰতৰ কিংবদন্তী বলাৰ মহম্মদ ছামী।

উল্লেখ্য যে আই পি এলৰ লক্ষ্নৌ ছুপাৰ জয়েন্টৰ ক্ৰিকেটাৰ কে এল ৰাহুল। শেহতীয়াকৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ওচৰত দলটোৱে পৰাজয় বৰণ কৰাৰ পিছত দলটোৰ স্বতাধিকাৰী সঞ্জীৱ গোৱেংকাই কে এল ৰাহুলক ককৰ্থনা কৰে। গোৱেংকাৰ সেই আচৰণৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

এই ঘটনাৰ প্ৰতিবাদ কৰিছে মহম্মদ ছামীয়ে। সতীৰ্থ কে এল ৰাহুলৰ অপমান সহ্য কৰিব পৰা নাই মহম্মদ ছামীয়ে।

ছামী্যে গোৱেংকাক উদ্দেশ্যি কয় – “ এয়া এক লজ্জাজনক কাণ্ড। আপুনি এজন সন্মানীয় ব্যক্তি। আপোনাৰ যিদৰে সন্মান আছে ঠিক একেদৰে ক্ৰিকেটৰো সন্মান আছে। এইবোৰ ঘটনা ৰাইজে চাই আছে। আপোনাৰ আচৰণৰ পৰা মানুহে কি শিকিব?”

কে এল ৰাহুলৰ লগত গোৱেংকাই কৰা আচৰণ সন্দৰ্ভত ছামীৰ স্পষ্ট কথা – টীমৰ হৈ খেলাৰ অৰ্থ এইটো নহয় যে ক্ৰিকেটাৰক মালিকে গালি-গালাজ কৰাৰ অধিকাৰ আছে।

স্বামীয়ে কয় যে সকলো টীমৰ মালিকে ক্ৰিকেটাৰৰ লগত ভাল ব্যৱহাৰ কৰাৰ বাবে সুনাম অৰ্জন কৰিছে। গোৱেংকাই সেই সকলৰ পৰা শিক্ষা লোৱা উচিত। ৰাজহুৱাভাবে কে এল ৰাহুলক এনে ব্যৱহাৰ কৰাতো উচিত হোৱা নাই। ড্ৰেচিং ৰুম বা হোটেলত কিবা কোৱা হ’লে আপত্তি নাছিল। সামাজিক স্থানত কৰা এনে আচৰণে ভুল বাৰ্তা প্ৰেৰণ কৰে।

লক্ষনীয়ভাবে বিভিন্ন মহলে এই ঘটনাক গৰিহনা দিয়াৰ লগতে সমালোচনা কৰাৰ পাছতো সঞ্জীৱ গোৱেংকাই ঘটনাটোৰ বাবে কোনো আক্ষেপ প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে এল এছ জিয়ে কে এল ৰাহুলক অধিনায়ক পদৰ পৰা অপসাৰণ কৰিবলৈহে সাজু হৈছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে.