NORTHEAST NOW (Assamese)
অসম

এছিয়াডত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ ৰ’দালি বৰুৱা; টাইপেইৰ খেলুৱৈৰ বিপক্ষে ০-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত খেলুৱৈগৰাকী

Posted by: এন ই নাও নিউজ August 21, 2018 1:17 pm
27750752_1549441221839705_1350719460535179904_n

যোৱা ১৮ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালেমবাঙত আৰম্ভ হোৱা এছিয়াৰ দেশবিলাকৰ মাজৰ শ্ৰেষ্ঠ আৰু বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা ১৮ সংখ্যক এছিয়ান গেইমছত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা অসমৰ ৬জনকৈ খেলুৱৈৰ এগৰাকী খেলুৱৈয়ে আজি অপ্ৰত্যাশিতভাৱে পৰাজয় বৰণ কৰে।

উল্লেখ্য যে আজি টাইকোৱানডোৰ ৬৭ কিলোগ্ৰাম শাখাৰ এখন খেলত অৱতীৰ্ণ হয় অসমৰ প্ৰতিভাৱান ৰ’দালি বৰুৱা। তেওঁৰ বিপক্ষে শক্তিশালী টাইপেইৰ টংছিয়া মাৰ। মেচখন আৰম্ভ হোৱাৰ পাছৰে পৰা টাইপেইৰ খেলুৱৈগৰাকীয়ে কোনো ধৰণৰ সুযোগে নিদিলে অসমৰ ৰ’দালি বৰুৱাক।

অৱশেষত প্ৰত্যাহ্বান জনোৱাত ব্যৰ্থ হোৱা ৰ’দালিয়ে মেচখন ০-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত হয়। আৰু এইদৰে এছিয়াডৰ পৰা পদক জিনাৰ সপোন মনতে ৰৈ গ’ল এইগৰাকী অসমীয়া সন্তান ৰ’দালি বৰুৱাৰ।

উল্লেখযোগ্য যে ভিয়েটনামত অনুষ্ঠিত ২৩ সংখ্যক এছিয়ান চেম্পিয়নশ্বিপত দেখুওৱা সুন্দৰ প্ৰদৰ্শন আৰু জাকাৰ্টাত অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান গেইমছ আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাতত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুবাদত তেজপুৰৰ জীয়ৰী ৰ’দালিয়ে জাকাৰ্টা এছিয়ান গেইমছৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।