NORTHEAST NOW (Assamese)
অসম

অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকাশ কৰা গৌতম গম্ভীৰৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ March 22, 2019 4:35 pm
gautam-gambhir-bjp-join

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকশ কৰা প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৌতম গম্ভীৰে আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী আৰু ৰবি শংকৰ প্ৰসাদৰ উপস্থিতিত দলটোত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে ক্ৰিকেটাৰ গৰাকীয়ে। লোকসভা নিৰ্বাচনত গম্ভীৰে দিল্লীৰ কোনোবা এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বাওঁহতীয়া তাৰকা বেটছমেন জনে ভাৰতীয় দলক ২০১১ চনত অনুষ্ঠিত হোৱা আই চি চি বিশ্বকাপ আৰু প্ৰথমখন টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

উল্লেখযোগ্য যে, ২০০৩ চনত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা গম্ভীৰে ২০১০-১১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল।

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত ২০১০ চনৰ ২৮ নৱেম্বৰত খেলা শৃংখলাটোৰ প্ৰথমখন খেলত অধিনায়কত্ব কৰি গম্ভীৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। খেলখনত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত ৪০ ৰাণত বিজয়ী হৈছিল।