NORTHEAST NOW (Assamese)
উত্তৰ-পূব

অসম ৰাইফলছ-মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযান: ম্যানমাৰ সীমান্তত উদ্ধাৰ ১৬৭ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2022 8:11 pm
Drugs Seized

অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ এক যুটীয়া অভিযানত শুকুৰবাৰে ম্যানমাৰ সীমান্তৰ কাষৰীয়া চম্ফাই জিলাত ১৬৭.৮৬ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ মেথাম্ফেটামিন টেবলেট জব্দ হয়।

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে জিলাখনৰ মেলবুক নামৰ এখন গাঁৱত অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়ন আৰু ৰাজ্যিক আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ আধাৰত এক অভিযান আৰম্ভ কৰে।

এই যুটীয়া অভিযানৰ সময়ত এগৰাকী মহিলা সৰবৰাহকাৰীৰ পৰা ৫৫.৮০ কিলোগ্ৰাম মেথাম্ফেটামিন টেবলেট জব্দ কৰা হয়।

অভিযানকাৰী দলটোৱে লাভ কৰা তথ্যৰ আধাৰত গাওঁখনত এখন বাহন আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে।

মুঠ ১৬৭.৮৬ কোটি টকা মূল্যৰ এই নিষিদ্ধ দ্ৰব্যখিনি বাহনখনৰ বিভিন্ন কম্পাৰ্টমেণ্টত লুকুৱাই অনা হৈছিল বুলি বিষয়াগৰাকীয়ে লগতে কয়।

বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে মিজোৰামত বৰ্তমানলৈকে হোৱা অভিযানৰ ভিতৰত এইবাৰেই আটাইতকৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হৈছে।

যোৱা তিনি বছৰত অসম ৰাইফলছে ৰাজ্যখনত ২০০ কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।