NORTHEAST NOW (Assamese)
অসম

লিডু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৫০ খন বিচনাযুক্ত চিকিৎসালয় কৰাৰ দাবীৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা October 22, 2022 7:16 am

উত্তৰ পূবৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডুত অৱস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খন ৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাকে ধৰি কেইবাটাও দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিয়ে শুকুৰাবাৰে লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত অৱস্থান ধৰ্মঘট পালন কৰে।

অঞ্চলটোত থকা একমাত্ৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৫০ খন বিচনাযুক্ত তথা পুৰ্ণাংগ চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে মহিলা চিকিৎসক নিযুক্তি পৰ্যাপ্ত ঔষধপাতি যোগান আদিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত এই অৱস্থান ধৰ্মঘট পালন কৰা হয়।

উল্লেখযোগ্য যে কেইবাখনো জনজাতি তথা দুৰ্গম গাৱঁৰ যোগাযোগৰ কেন্দ্ৰস্থল লিডু অঞ্চলৰ ৰাইজৰ বাবে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্রটোৱেই একমাত্ৰ চৰকাৰী চিকিৎসা গ্ৰহণৰ আশা ভৰসাৰ স্থল। স্বাভাৱিকভাৱেই ৰাইজে চৰকাৰী চিকিৎসা লাভৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগ কৰি আহিছে।

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক সহ মাৰ্ঘেৰিটা আঞ্চলিকৰ কেইবাজনো বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অনতিপলমে দাবী সমূহ ৰূপায়ণ কৰিবলৈ স্বাস্থ্য বিভাগ তথা অসম চৰকাৰক আহ্বান জনায়।