NORTHEAST NOW (Assamese)
অসম

চামগুৰিত ধোঁৱাচাঙত সামাজিক ব্যৱধান

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা September 1, 2020 8:48 pm
Social distancing goes for a toss in Nagaon's Samaguri

নগাওঁ জিলাৰ চামগুৰিত সামাজিক ব্যৱধানৰ সকলো নিয়ম যেন এতিয়া ধোঁৱাচাঙত উঠিছে৷

‘অৰুণোদয়’ আচঁনিৰ বাবে প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত কভিড১৯ৰ স্বাস্থ্য বিধিৰ সকলো নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ জনসাধাৰণে৷

চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱা ৰাইজক সামাজিক ব্যৱধান মানি চলিবলৈ পৰামৰ্শ দি ভাগৰি পৰিবলগীয়া হৈছে ৰাজহ চক্ৰটোত কৰ্মৰত দুগৰাকীকৈ ৰাজহ চক্ৰ বিষয়াই।

চামগুৰিৰ এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত ‘অৰুণোদয়’ আচঁনিৰ বাবে প্ৰয়োজনীয় বাৰ্ষিক আয়ৰ প্ৰমান পত্ৰৰ বাবে প্ৰতি দিনেই অভাৱনীয় ভাবে ভিৰ কৰিবলৈ লৈছে অসংখ্য হিতাধিকাৰীয়ে।

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নিৰ্দেশনা জাৰি কৰি থকা হৈছে যদিও সকলো নিৰ্দেশনা ভৰিৰে মোহাৰি নিতৌ এক মেলা সদৃশ পৰিবেশৰ সৃষ্টি হৈছে চামগুৰিৰ এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত।

উল্লেখ্য যে, কিছুদিন পূৰ্বে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া গৰাকীৰ লগতে কেইবাজনো কৰ্মচাৰী কৰ’না ভাইৰাছত আক্ৰান্ত হৈ কাৰ্যালয়টো হটস্পত হিচাবে পৰিণত হৈ পৰিছিল।

ইমানৰ পাছতো কোনো ধৰণৰ শিক্ষা নলৈ চৰকাৰী নীতি নিৰ্দেশনা ভেঙুচালি কৰি এনে ধৰণৰ মেলা সদৃশ পৰিবেশ সৃষ্টি কৰাক লৈ সচেতন লোক সকল বাৰুকৈয়ে চিন্তিত হৈছে।

এখন এখন আয়ৰ প্ৰমান পত্ৰৰ বাবে বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলাকে ধৰি ৰাজহ চক্ৰটোৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা বহু লোক নিতৌ আহিব লগা হৈছে।

আজিৰ দিনটোতে পাঁচ শতাধিক আবেদন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে।

বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ বাবে নিতৌ শ শ লোক কাৰ্যালয়টোত উপস্থিত হৈছে যদিও ৰাইজৰ বাবে প্ৰশাসনে যোগান ধৰিব পৰা নাই কোনো চাবোন, পানী আৰু চেনিটাইজাৰৰ ব্যৱস্থা।

আনকি অধিকাংশ লোকে ব্যৱহাৰ কৰা নাই মাস্ক।

এনে ধৰণে যদি নিতৌ অভাৱনীয় ভিৰ হৈ থাকে তেন্তে আগন্তুক দিনত যে চামগুৰিত কৰ’না ভাইৰাছে মাৰাত্মক ভাবে সংক্ৰমণ হৈ ভয়ংকৰ পৰিবেশ সৃষ্টি হ’ব সেইটো নিশ্চিত।

আনহাতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত চলচলি মৌজাদাৰৰ অলপতে মৃত্যু হোৱাত মৌজাটোৰ খাজনা সমূহো এই কাৰ্যালয়তে সংগ্ৰহ কৰাৰ বাবেও ৰাইজৰ সমাগম বৃদ্ধি পাইছে।

ইপিনে আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ নামতো চামগুৰিৰ গড়কাপ্তানী পৰিদৰ্শন ভৱনত অস্থায়ী ভাবে স্থাপন কৰা আধাৰ কেন্দ্ৰতো অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে।

কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীয়ে অভাবনীয় ভীৰৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈকে বাৰশ আবেদন সংগ্ৰহ কৰি তিনি দিনৰ বাবে আবেদন সংগ্ৰহ বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনে চামগুৰিত এনে অভাৱনীয় ভিৰ কেনেদৰে নিয়ন্ত্ৰণ কৰি সামাজিক ব্যৱধান পালন কৰে সেয়া লক্ষণীয় হ’ব।