NORTHEAST NOW (Assamese)
অসম

জেইই আৰু নীট পৰীক্ষাৰ্থীৰ বাবে মুম্বাই আৰু বিহাৰত বিনামূলীয়া ৰে’ল আৰু বাছৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 8:52 pm
জেইই আৰু নীট পৰীক্ষাৰ্থীৰ বাবে মুম্বাই আৰু বিহাৰত বিনামূলীয়া ৰে’ল আৰু বাছৰ ব্যৱস্থা

জেইই আৰু নীট পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুম্বাইৰ ৱেষ্টাৰ্ণ ৰে’লৱে ৪৬ খন অতিৰিক্ত বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে।

এই বিশেষ ৰে’ল সমূহ ছেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা ৬ তাৰিখলৈ চলোৱা হ’ব বুলিও ৱেষ্টাৰ্ণ ৰে’লৱে লগতে জানিবলৈ দিয়ে।

আনহাতে, এই ৰে’ল যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষা গৃহত প্ৰৱেশ পত্ৰকে টিকত হিচাপে গণ্য কৰা হ’ব।

ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা সকলকো ৰে’লত বিনামূলীয়াকৈ ভ্ৰমণ কৰাৰ সুবিধা দিয়া হ’ব।

আনহাতে, মুম্বাইৰ লগতে বিহাৰৰ উপ-মুখ্য মন্ত্ৰী সুশীল কুমাৰ মোদীয়েও জেইই আৰু নীট পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিহাৰ চৰকাৰে বিনামূলীয়াকৈ ৰে’ল আৰু বাছৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে।

ছাত্ৰ-ছাত্ৰী সকলে যাতে কোনো কাৰণতে পৰীক্ষা গৃহত উপস্থিত হোৱাৰ ক্ষেত্ৰত অসুবিধা ভোগ কৰিব নালাগে সেই ক্ষেত্ৰত বিহাৰ চৰকাৰে পৰীক্ষা গৃহ সমূহলৈ বিভিন্ন স্থানৰ পৰা বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিছে বুলি মোদীয়ে লগতে কয়।