NORTHEAST NOW (Assamese)
অসম

আগষ্ট মাহত ৮৬,৪৪৯ কোটি হ্ৰাস পালে জি এছ টি কৰ সংগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 9:10 pm

আগষ্ট মাহত জি এছ টি ৰাজহ সংগ্ৰহ ৮৬,৪৪৯ কোটি টকা হ্ৰাস পাইছে বুলি মঙলবাৰে উল্লেখ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

চলিত আগষ্ট মাহত জি এছ টি কৰ সংগ্ৰহ ২০১৯ বৰ্ষৰ তুলনাত ৮৮ শতাংশ হ্ৰাস পাইছে বুলি বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে কয়।

জুলাই মাহত মুঠ ৮৭,৪২২ কোটি টকা জি এছ টি সংগ্ৰহ হৈছিল।

আনহাতে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া জি এছ টিৰ দেনা-পাওনাৰ পাছত আগষ্ট মাহত কেন্দ্ৰই ৩৪,১২২ কোটি টকা আৰু ৰাজ্যই ৩৫,৭১৪ কোটি টকা লাভ কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় অৰ্থনীতিত ক’ৰ’না মহামাৰীৰ গুৰুতৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ভাৰতীয় অৰ্থনীতি বহু বছৰৰ মুৰত মন্দাৱস্থালৈ গতি কৰিছে।

দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে ভগৱান আৰু মানৱ সৃষ্ট দুৰ্যোগক ভাৰতীয় অৰ্থনৈতিৰ দুৰৱস্থাৰ বাবে জগৰীয়া নকৰিবলৈ বৰ্তমানৰ বিত্ত মন্ত্ৰী সীতাৰমণক আহ্বান জনাইছে।