NORTHEAST NOW (Assamese)
অসম

নৱেম্বৰৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা-সংস্কৃত টোল : মন্ত্ৰী হিমন্তৰ ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 1, 2020 8:40 pm
0e261ca9-a16e-4f7c-adc6-92710378ff45

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যত নাথাকিব মাদ্ৰাছা আৰু সংস্কৃত টোল। সদনৰ মজিয়াত এই ঘোষণা কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

গ্ৰীষ্মকালীন অধিৱেশনৰ দ্বিতীয় দিনা নিজৰ বক্তব্য ৰখাৰ মাজতে সংস্কৃত টোল আৰু মাদ্ৰাছাৰ প্ৰসংগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘চৰকাৰে মাদ্ৰাছা বন্ধ কৰিবলৈ গৈ আছে গতিকে মাদ্ৰাছা কেনেকৈ প্ৰাদেশীকিকৰণ হ’ব? সংস্কৃত টোলেই হওঁক বা মাদ্ৰাছাই হওঁক অহা নৱেম্বৰ মাহত বন্ধ কৰা হ’ব।‘

ইপিনে, মাদ্ৰাছা নাইবা সংস্কৃত টোলসমূহ নিজৰ হাইস্কুলৰ লগত সংলগ্ন হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘মাদ্ৰাছা সংস্কৃত টোলৰ শিক্ষকসকলক ওচৰৰ হাইস্কুলৰ লগত সংলগ্ন কৰা হ’ব। সেয়েহে মাদ্ৰাছা আৰু কেতিয়াও প্ৰাদেশিকীকৰণ নহয়।‘

ইপিনে, ইতিমধ্যে, চৰকাৰী পৰ্যায়ত মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধ হৈ গৈছে বুলি উল্লেখ কৰি হিমন্তই লগতে কয় ‘এতিয়া আৰু আৰৱিক শিক্ষক নিযুক্তি সম্ভৱ নহয়।’

অৱশ্যে, ব্যক্তিগত পৰ্যায়ত চলি থকা মাদ্ৰাছাসমূহ চলি থাকিব বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘তাত চৰকাৰে কোনো হস্তক্ষেপ নকৰে। কিন্তু চৰকাৰে ধৰ্ম নিৰপেক্ষ শিক্ষা দিব। আমি সদায় চেকুলাৰ শিক্ষা দিব বিচাৰো।‘

তেওঁ আৰু কয় ‘মাদ্ৰাছা টেটৰ প্ৰাসংগিকতা শেষ কৰিছো। আধুনিকতাৰ ফালে আগুৱাই যাব খুজিছো।’

‘মই হিন্দু হিন্দু ধৰ্মৰ শিক্ষা ল’ব লাগে, মই ইছলাম ইছলাম ধৰ্মৰ শিক্ষা ল’ব লাগে তাৰ বাবে ব্যক্তিগত পৰ্যায়ত আৰু সামাজিক পৰ্যায়ত প্ৰচেষ্টা হ’ব। চৰকাৰী পৰ্যায়ত এই প্ৰচেষ্টা থাকিব নোৱাৰে। এইবিলাক কথাত ইতিমধ্যে লক্ষ্মণ ৰেখা আঁকি ৰখা হৈছে।‘ হিমন্তই নিজৰ ভাষণ প্ৰসংগত এইদৰে কয়।