NORTHEAST NOW (Assamese)

কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক সন্মিলনৰ সফল সামৰণি

February 19, 2018 9:11 pm · ৰিনয় বসুমতাৰী
Updated: February 19, 2018 9:15 pm

দুদিনীয়াকৈ আয়োজিত কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ ১৮ সংখ্যক দ্বি-বাৰ্ষিক সন্মিলনৰ আজি সফল সামৰণি পৰে। কোকৰাঝাৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণৰ প্ৰেক্ষাগৃহত ১৮ৰ পৰা ১৯ ফেব্ৰুৱাৰিলৈ এই সন্মিলনখন অনুষ্ঠিত হৈছিল।

সন্মিলনখন সমাপ্ত হোৱাৰ পিছত কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদ সমিতিৰ সভাপতি মলয় চৌধুৰীয়ে সংবাদ কৰ্মীক সম্বোধন কৰি কয় যে সন্মিলনৰ কাৰ্যসূচী অনুসৰি সমতিৰ সভাপতিৰ দ্বাৰা ৰাতিপুৱা পতাকা উত্তোলন কৰা হয়। আৰু তাৰ পাচত কৰ্মচাৰী পৰিষদৰ হৈ আত্মবলিদান দিয়া সকলক শ্ৰদ্ধাঞ্জলী জনোৱা হয়।

১৮ সংখ্যক দ্বি-বাৰ্ষিক সন্মিলনত আমি বকেয়া বেতন, বিভিন্ন বিভাগত খালী হৈ থকা পদ, কৰ্মচাৰীসকলৰ বাবে কম টকাত ঘৰ ভাড়া, চিকিৎসা সেৱা প্ৰদান নকৰা আদি বিভিন্ন বিষয়ত চৰকাৰে গুৰুত্ব প্ৰদান নকৰা আদি বিষয়ত আলোচনা কৰা হয় বুলি সভাপতিজনে জানিবলৈ দিয়ে। ইয়াৰ উপৰি চৰকাৰে তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবেও আহ্বান জনায়।

সন্মিলনখনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বি টি চিৰ নগৰ উন্নয়নৰ ই এম দনেশ্বৰ গয়াৰীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে কৰ্মচাৰী পৰিষদ সমিতিখন বি টি চি তথা ৰাজ্যখনৰ এটা প্ৰভাৱশালী সংগঠন। ইয়াৰ উপৰি এই সংগঠনটোৱে সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

আনহাতে কৰ্মচাৰী পৰিষদে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৰিহনা যোগায় বুলি গয়াৰীয়ে মন্তব্য কৰে।

বি টি চি শিক্ষা বিভাগৰ পৰিচালক ৰবিশংকৰ বৰগয়াৰী, কোকৰাঝাৰ বিদ্যালয় পৰিদৰ্শক জগদীশ বসুমতাৰীয়েও কৰ্মচাৰী পৰিষদৰ সন্মিলনত বক্তৃতা প্ৰদান কৰে।

Related News