NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ ডনবস্ক’ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ মইমতালি : পৰ্যাপ্ত শিক্ষক নথকা সত্ত্বেও বাৰ্ষিক মাচুল হঠাৎ বঢ়ালে ৪০০০ টকাকৈ

Posted by: ৰিনয় বসুমতাৰী June 9, 2018 10:42 pm
ডনবস্ক'

ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৌৰাত্ম্যক চৰকাৰে নাকী লগাব নোৱাৰাৰ পৰিণতিতে ডনবস্ক’ বিদ্যালয়ৰ দৰে প্ৰসিদ্ধ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দিয়াৰ সলনি অত্যধিক হাৰত মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে কোকৰাঝাৰস্থিত ডনবস্ক বিদ্যালয়ে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত নিম্নমানৰ প্ৰদৰ্শন দাঙি ধৰাৰ অভিযোগ উত্থাপন কৰি অাজি অভিভাৱকসকলে বিদ্যালয় চৌহদতে এক সভা অনুষ্ঠিত কৰে। ক্ষুব্ধ অভিভাৱকসকলে ডনবস্ক’ বিদ্যালয়ৰ নিম্নগামী ফলাফলত গভীৰ উদ্বেগ প্ৰকাশ কৰি কৰ্তৃপক্ষই হঠাতে বছৰি ৪০০০ টকাকৈ মাচুল বৃদ্ধিত ক্ষোভ প্ৰকাশ কৰে আৰু অকল প্ৰাথমিক পৰ্যায়তে বছৰি ২৬৬০০ টকা অত্যধিক হোৱা বুলি সদৰী কৰে ।

তাৰোপৰি ফলাফল নিম্নগামী, পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ কথা আঙুলিয়াই দি অভিভাৱক সকলে শিক্ষাবৰ্ষই কেইবামাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈকে একাংশ শ্ৰেণীত ৰসায়ন বিজ্ঞানৰ পাঠদান অনুষ্ঠিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

বাহ্যিকতাত অতি বেছি গুৰুত্ব দিয়া ডনবস্ক’ কৰ্তৃপক্ষক অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ অনুকুল পৰিৱেশ গঢ়ি তুলিবলৈ দাবী জনোৱাৰ লগতে বিদ্যালয়খনৰ গুণগত মানদণ্ড ঘূৰাই অনাৰ স্বাৰ্থত অতি শীঘ্ৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ ডামিয়েল বসুমতাৰীৰ বদলিকৰণৰ দাবী উত্থাপন কৰিছে ।

আনহাতে অভিভাৱকসকলৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি ফাডাৰ ডামিয়েল বসুমতাৰী সমগ্ৰ বিষয়বোৰ চালি জাৰি চাই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে ।