NORTHEAST NOW (Assamese)

কোকৰাঝাৰ বি বি অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰাকৃতিক জলবায়ু সংৰক্ষণৰ কৰ্মশালা

February 27, 2018 4:29 pm · ৰিনয় বসুমতাৰী

বি টি চি চুক্তিৰ আধাৰত বড়োলেণ্ডবাসীয়ে পাবলৈ সক্ষম হোৱা তথা ২০০৮ চনত স্থাপিত  কোকৰাঝাৰ চন্দ্ৰপাৰা বিজুলীবাৰীস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক জলবায়ু সংৰক্ষণ আৰু বিশুদ্ধকৰন  বিষয়ৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় (বি বি ই চি)ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ উদ্যোগত আৰু গুৱাহাটীৰ ‘আছাম চায়েন্স টেকন’লজী ও  এনভাইৰনমেণ্ট কাউঞ্চিল’ৰ সহযোগত এই কৰ্মশালাখন আয়োজন কৰা হয়।

কৰ্মশালাত আমন্ত্ৰিত অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ প্ৰফেচৰ ড: হৰি প্ৰসাদ শৰ্মা উপস্থিত থাকি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে প্ৰাকৃতিক জলবায়ু সংৰক্ষণ আৰু বিশুদ্ধকৰনৰ  প্ৰয়োজনীয়তাৰ ওপৰত বিষদভাৱে বাখ্যা কৰে।

‘জলবায়ু সংৰক্ষণ কৰিবলৈ আমি সকলোৱে দায়বদ্ধ, কাৰণ পানীয়ে আমাৰ জীৱন’ এইদৰে মন্তব্য কৰি জলবায়ু সংৰক্ষণৰ ওপৰত বক্তব্য ৰাখে শৰ্মাই। উক্ত কৰ্মশালাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত বৰুৱা মুখ্য অতিথি ৰূপে আৰু চিৰাঙৰ ধালিগাৱৰ বি আৰ পি এলৰ প্ৰকল্প পৰিচালক এ. কে. ব্ৰহ্ম প্ৰমুখ্যে বি বি ই চি মহাবিদ্যালয়ৰ অধ্যক্ষ কমল ব্ৰহ্ম আৰু বহু গৰাকী প্ৰফেচৰ উপস্থিত থাকে।

Related News