NORTHEAST NOW (Assamese)
অসম

ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ

Posted by: এন ই নাও নিউজ April 4, 2018 10:33 am
AssamSmallTeaPlanter

ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ বৰঙনি আগ বঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা বুলি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক অৱগত কৰিছে। ২ মাৰ্চত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট ৰাজ্যিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে দিচপুৰত মুখ্য মন্ত্ৰীজনক সাক্ষাৎ কৰিছিল। তাতে মুখ্য মন্ত্ৰীজনে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলক জনায় যে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা প্ৰদানৰ বিষয়টো চোৱাচিতাৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক দায়িত্ব দিয়া হৈছে।

আনহাতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে কয় যে অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ চলিব লগীয়া সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিৱেশনতে মুখ্য মন্ত্ৰীজনে ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা প্ৰদানৰ আৰম্ভণি কৰিব।

উল্লেখযোগ্য যে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দশম ত্ৰি-বাৰ্ষিক অধিৱেশনখন তিনি দিনীয়াকৈ উক্ত তাৰিখত গোলাঘাটত অনুষ্ঠিত হ’ব। তাত অন্তিম দিনাৰ মুকলি সভাৰ কাৰ্য্যসূচীত মুখ্য মন্ত্ৰীজন মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে মুখ্য মন্ত্ৰীক তেওঁলোকৰ অন্তিম দিনাৰ কাৰ্য্যসূচীত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাবলৈ আহোঁতে ২ এপ্ৰিলত দিচপুৰত মুখ্য মন্ত্ৰীজনে মাটিৰ পট্টা দিয়াৰ কথাটো উল্লেখ কৰা বুলি দাবী কৰিছে। সূত্ৰটোৰ মতে, অসম চৰকাৰে ইতিমধ্য প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে বুলি মুখ্য মন্ত্ৰীজনে তেওঁলোকৰ আগত কয়।

মন কৰিব লগীয়া যে যোৱা ২০ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সাহায্য বিতৰণৰ এটা অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়া হ’ব বুলি ঘোষণা কৰিছিল।