NORTHEAST NOW (Assamese)
অসম

২১’ত পুনৰ বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব : কল্পনা পাটোৱাৰী

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস November 9, 2020 6:38 am
kalpana patowari

বৰপেটাৰ হাউলী জুনিয়ৰ কলেজত দেওবাৰে অনুষ্ঠিত হয় অগপৰ মহিলা সমাৰোহ ৷ মহিলা সমাৰোহত উপস্থিত থাকি অগপ নেত্ৰী কল্পনা পাটোৱাৰীয়ে অগপৰ সাংগঠনিক ভেটি মহিলা সকলে কৰিব লাগিব বুলি উল্লেখ কৰে ৷

সভাত ভাষণৰ মাজতেই দুটিকৈ ভক্তিমূলক গীত গাই উপস্থিত মহিলা সকলক মোহিত কৰে কল্পনা পাটোৱাৰীয়ে ।

সভাত যোগান মন্ত্ৰী ফণীভুষন চৌধুৰী উপস্থিত থাকি বৰপেটাত কোনো ৰাজনৈতিক দলে অগপৰ দৰে বৃহৎ মহিলা সভা আজিলৈ অনুষ্ঠিত কৰিব পৰা নাই বুলি কয়।

সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কল্পনা পাটোৱাৰীয়ে  অসমত ২১’ত পুনৰ বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ চৰকাৰ আহিব বুলি মন্তব্য কৰে ৷

তেওঁ কয় যে, অগপৰ ধাৰা  অসমত অক্ষুন্ন আছে, কাৰণ অগপ অসমীয়াৰ সত্বা, ডিএনএত আছে ।

পাটোৱাৰীক কোন সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সোধাত, বৰপেটাৰ যিকোনো সমষ্টিতে খেলিলে তেওঁ অলেখ ভোটত জয়যুক্ত হব বুলি কয়।

তদুপৰি অগপক কিয় ৰাইজে আঁকোৱালি ল’ব সোধাত পাটোৱাৰীয়ে কয় যে অসমত আঞ্চলিকতাবাদৰ ধাৰা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত অগপক ৰাইজে আঁকোৱালি ল’ব।