NORTHEAST NOW (Assamese)
অসম

উৎকোচলৈ থাকোতেই হাতে-লোটে ধৰা পৰিল নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2020 7:31 pm
a nalbari

নলবাৰী জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকগৰাকীক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে তদাৰকী আৰু দুৰ্নীতি নিবাৰক বিভাগে।

গ্ৰেপ্তাৰ কৰা বিদ্যালয় পৰিদৰ্শকগৰাকীৰ নাম জ্যোৎস্নাৰাণী বৰ্মণ।

প্ৰাপ্ত খবৰ অনুসৰি নলবাৰী জিলাৰ এখন বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ বাবে অহা ধন মোকলাই দিয়াৰ নামত বিদ্যালয় পৰিদৰ্শিকা জ্যোৎস্নাৰাণী বৰ্মণে ৫০ হাজাৰ টকা উপঢৌকন হিচাবে দাবী কৰিছিল।

a nalbari si

আজি দাবী কৰা ধনৰ প্ৰথম কিস্তি হিচাবে ১৫ হাজাৰ টকা তেওঁক দিবলৈ আহিছিল সংশ্লিষ্ট বিদ্যালয় খনৰ এজন কৰ্মচাৰীয়ে। কৰ্মচাৰীজনৰ পৰা ধন খিনি লৈ থকাৰ সময়তে তদাৰকী আৰু দুৰ্নীতি নিবাৰক বিভাগৰ কৰ্মীয়ে জ্যোৎস্নাৰাণী বৰ্মণক হাতে-লোটে ধৰা পেলায়।

স্থানীয় একাংশ লোকে অভিযোগ কৰা অনুসৰি নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মণে টকা নিদিলে কথাই পাতিব নিবিচাৰে।

দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ গ্ৰেপ্তাৰত সেয়ে বহুতে সন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য একাংশ দুৰ্নীতিৰ বোকাত পোত যোৱা বিষয়া-কৰ্মচাৰীয়ে নলবাৰীৰ শিক্ষা বিভাগটোক খিৰতী গাই হিচাবে ব্যৱহাৰ কৰি অহা বুলি সচেতন মহলে অভিযোগ কৰি আহিছে। অভিযোগ অনুসৰি বিষয়াগৰাকীয়ে প্ৰধান শিক্ষকসকলৰ লগতে আন শিক্ষকসকলক দীৰ্ঘদিন ধৰি শোষণ চলাই আহিছে।

তদাৰকী আৰু দুৰ্নীতি নিবাৰক বিভাগে এই বিষয়ত অধিক তদন্ত চলালে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে।