NORTHEAST NOW (Assamese)
অসম

অসমত আৰু তিনিগৰাকীৰ ক’ভিডত মৃত্যু, মুঠ সংখ্যা ৯৪৩লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2020 9:36 pm

অসমত আৰু তিনিগৰাকী ক’ভিড-১৯ ৰোগীয়ে দেওবাৰে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ মুঠ মৃতকৰ সংখ্যা ৯৪৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ গুণমালা দেৱী (৭৩), ৰাণা কলিতা (৫৪) আৰু তিনিচুকীয়াৰ জগু পাত্ৰ (৫৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শনিবাৰলৈকে অসমত ৯৪০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

ইফালে এই পৰ্যন্ত অসমত ২,০৮,৬৩৭ গৰাকী ক’ভিড পজিটিভ চিনাক্ত হৈছে।

আনহাতে ২,০০,৯৩৬ গৰাকী ক’ভিডৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

বৰ্তমান অসমত ৬,৭৫৫ গৰাকী সক্ৰিয় ৰোগী আছে।