NORTHEAST NOW (Assamese)

ক্ৰীড়াৰ আন্তঃগাথনি উন্নয়নৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণক আহ্বান অৰুণাচল চৰকাৰৰ

April 7, 2018 12:58 pm · এন ই নাও নিউজ

অৰুণাচল ক্ৰীড়া প্ৰাধীকৰণৰ অধ্যক্ষ বামাং টাগোৱে শুকুৰবাৰে নতুন দিল্লীত ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ চমুকৈ ছাইৰ উপ মহাপৰিচালক সন্দীপ প্ৰধানৰ লগত এলানি আলোচনাত মিলিত হয়। এই আলোচনাৰ সময়তে টাগোৱে অৰুণাচলৰ ক্ৰীড়াৰ আন্তঃগাথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দাখিল কৰা আঁচনি সমূহ বিচাৰ কৰি চাবলৈ সন্দীপ প্ৰধানক অনুৰোধ জনায়।

ক্ৰীড়াৰ আন্তঃগাথনিৰ মানদণ্ড উন্নত নোহোৱা বাবে অৰুণাচল প্ৰদেশ ক্ৰীড়াৰ ক্ষেত্ৰত পিছপৰি ৰোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্ন সমস্যাৱলীৰ বিষয়ে বামাং টাগোৱে ছাইৰ উপ মহাপৰিচালকগৰাকীৰ আগত ব্যক্ত কৰে।

আন্তঃগাথনিৰ অভাৱৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো ক্ৰীড়া সন্থাই অৰুণাচল প্ৰদেশত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰাৰ পৰা বিৰত থকা বুলিও লগতে তেওঁ উল্লেখ কৰে।

অৰুণাচল চৰকাৰে ‘খেলো ইণ্ডিয়া’ৰ অধীনত বিভিন্ন আঁচনিৰ প্ৰস্তাৱ তৈয়াৰ কৰা বাবে সন্দীপ প্ৰধানে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ সকলোবোৰ আঁচনি কাৰ্যক্ষম কৰিব নোৱাৰে বুলিও দুখ প্ৰকাশ কৰে।

আনহাতে ছাইৰ উপ মহাপৰিচালকগৰাকীয়ে স্থানীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভা সমূহ বিকশিত কৰাৰ বাবে জিলা পৰ্যায় ক্ৰীড়া বিদ্যালয় স্থাপন কৰাৰ পৰামৰ্শ আগবঢ়ায়।

ইয়াৰ উপৰি ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণে অৰুণাচলৰ চিম্পুস্থিত চাংগাই ল্হডেন ক্ৰীড়া বিদ্যালয়খনক জিলা পৰ্যায়ৰ ক্ৰীড়া বিদ্যালয়লৈ ৰূপান্তৰ কৰিব বুলি অৰুণাচল ক্ৰীড়া প্ৰাধীকৰণৰ অধ্যক্ষ বামাং টাগোক আশ্বাস প্ৰদান কৰে।

শুকুৰবাৰে উক্ত আলোচনাত সহকাৰী মহাপৰিচালক ড০ ভি কে শৰ্মা আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী পৰিচালক প্ৰশান্ত কুমাৰো উপস্থিত থাকে।

Related News