কয়লা কেলংকাৰি : অন্তৰ্ৱৰ্তীকালীন জামিন পালে ৩ অভিযুক্তই

অতিৰিক্তকৈ কয়লা কঢ়িওৱা দুখন ট্ৰাকক পৰীক্ষা নকৰাকৈ নিৰীক্ষণ চকী পাৰ হোৱাত সহায় কৰা ঘটনাত জড়িত অসম পৰিবহণ বিভাগৰ ৩ অভিযুক্তই অন্তৰ্বৰ্তীকালীন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে।
অসমৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চি আই ডি) পঞ্জীয়ণ কৰা গোচৰৰ সৈতে জড়িত থকা ৩জন সহকাৰী এনফোৰ্চমেণ্ট পৰিদৰ্শক ক্ৰমে টাপু ৰাম বৰা, অনুৰাগ শাণ্ডিল্য আৰু মৃগেন শৰ্মাৰ অন্তৰ্বৰ্তীকালীন জামিন উচ্চ ন্যয়ালয়ে জামিন মঞ্জুৰ কৰিছে।
অৱশ্যে আন ৩জন পৰিবহণ বিষয়া চিত্ত কুমাৰ নাথ, বেদান্ত গগৈ আৰু মাধব নেওগৰ জামিন আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।
উচ্চ ন্যায়ালয়ে ২ এপ্ৰিলৰ কেছ ডায়েৰী জমা দিয়াৰ বাবেও চি আই ডিক নিৰ্দেশ দিছে।
উল্লেখ্য যে মাৰ্চৰ ১৭ তাৰিখে চি আই ডিয়ে ৫জন বিষয়াক এই গোচৰৰ সন্দৰ্ভত ৬ঘণ্টাতকৈও অধিক সময় ধৰি শোধ-পোচ কৰিছিল । তেওঁলোক হৈছে এনফৰ্চমেণ্ট পৰিদৰ্শক নাথ, সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক বৰা, শাণ্ডিল্য আৰু গগৈ আৰু এনফৰ্চমেণ্ট চেকাৰ নেওগ।
চি আই ডিয়ে এনফৰ্চমেণ্ট চেকাৰ শৰ্মাকো মাতিছিল যদিও তেওঁ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হ’ব পৰা নাছিল।
উল্লেখ্য যে ঘটনা সংঘটিত হোৱামাৰ্চ মাহৰ ২ তাৰিখৰ ৰাতি এই বিষয়াসকল পৰিবহণ বিভাগৰ খানাপাৰাত থকা চেকগেটত নিয়োজিত আছিল। তেওঁলোক উপস্থিত থকা সময়তেই অতিৰিক্ত বোজাইৰ কয়লা ভৰ্তি ট্ৰাক পৰীক্ষা অবিহনেই পাৰ হৈ গৈছিল।
পিছত চি আই ডিয়ে ট্ৰাক দুখন বশিষ্ঠত আটক কৰে আৰু ইয়াৰ অন্তৰালত থকা একাংশ পৰিবহণ বিষয়া আৰু কয়লা ছিণ্ডিকেটৰ মাজৰ যোগসূত্ৰ থকা বুলি সন্দেহ কৰে।
প্ৰথমতে চি আই ডিয়ে অভিযুক্ত কেইজনক চি আই ডিৰ কাৰ্যালয়ত অপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিছিল যদিও স্বাস্থ্যজনিত আৰু পৰিয়ালজনিত অসুবিধাৰ দোহাই দি উপস্থিত হোৱাৰ পৰা বিৰত আছিল।
তাৰ পিছত বিষয়াসকলে অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
চি আই ডিয়ে পূৰ্বে জিলা পৰিবহণ বিষয়া (এনফৰ্চমেণ্ট), কামৰূপ(মহানগৰ) প্ৰসেনজিত কুমাৰ ঘোষক জেৰা কৰিছিল। এই বিতৰ্কৰ পিছতেই তেওঁক শোণিতপুৰ জিলালৈ বদলি কৰা হয়।
উল্লেখ্য যে কয়লা কেলেংকাৰি বিষয়টো বিৰোধীয়ে বিধানসভাত উত্থাপন কৰাৰ পিছত এই কয়লা কেলেংকাৰি সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে চৰকাৰে চি আই ডিক নিৰ্দেশ দিছিল।