NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত গুণোৎসৱৰ এ প্লাছ আৰু এ গ্ৰেড লাভ কৰা বিদ্যালয়ক অভিনন্দন

Posted by: কাজি জেইদুল ইচলাম March 20, 2018 8:14 pm
Gunotsav

সদ্যসমাপ্ত গুণোৎসৱত ভাল ফল প্ৰদৰ্শন কৰা বিশ্বনাথ জিলাৰ ৭২খন এ প্লাছ আৰু এ  গ্ৰেডপ্ৰাপ্ত বিদ্যালয়ক আজি অভিনন্দন জ্ঞাপনৰ এক দৃষ্টান্তমূলক কাৰ্য্যসূচী গ্ৰহণ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে।

আঞ্চলিক সমিতিখনৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য সমাজৰ প্ৰেক্ষাগৃহত এই অভিনন্দন অনুষ্ঠানটো ৰূপায়ণ কৰা হয়। সেই উদ্দেশ্যে উক্ত বিদ্যালয়ৰ প্ৰধানসকলক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পল্লৱ কাকতীয়ে আঁত ধৰা সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱাই পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিশদ বাখ্যা দাঙি ধৰা সভাত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা শিক্ষা বিষয়া প্ৰদীপ কুমাৰ সূত্ৰধৰে  গুণোৎসৱৰ ফলাফলৰ বিষয়ে বক্তব্য আগ বঢ়ায়। পৰিষদৰ সভাপতি নৃত্যানন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ মহাবিদ্যালয় আধ্যক্ষ ড০ মৃণাল কুমাৰ বৰা, বিশ্বনাথৰ প্ৰাথমিক শিক্ষা বিষয়া জ্যোতিষ দাস, জিলা শিক্ষা বিষয়া বেদব্ৰত বৰা, মনোজ গোহাঁই, গুলজাৰ হুছেইন, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপিত হিৰণ্য হাজৰিকা, বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ (স্নাতক) অধ্যক্ষ ক্ষতীশ শইকীয়া, বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সভাপতি কনকলতা নেওগ, বিহালী মহাবিদ্যালয়ৰ গৌতম তালুকদাৰ, চাৰিআলি একাডেমিৰ বিচিত্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি ৰাজখোৱা, স্বপ্না বৰা দাস, হেমন্ত শইকীয়া, জমিৰ আহমেদ, লক্ষ্য হাজৰিকা, ৰঞ্জিত ছেত্ৰী, দীপ শইকীয়া, পংকজ গুপ্ত, ভাস্কৰ হাজৰিকা, মনোজ দাস, দিব্যজ্যোতি বৰাকে ধৰি বহুতো ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।