NORTHEAST NOW (Assamese)
Popular Stories

ছেপ্তেম্বৰত অসমৰ ৫টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2024 3:08 pm

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

অসমৰ উপ-নিৰ্বাচন হ’বলগীয়া সমষ্টিসমূহ হ’ল- চামগুৰি, চিদলী, ধলাই, বঙাইগাঁও আৰু বিহালী।

পুৰণি বিধান সভা সমষ্টিৰ সীমা অনুসৰণ কৰিব উপ-নিৰ্বাচনে।

৩০ জুলাইত এই সমষ্টিসমূহৰ বাবে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব, য’ত আপত্তিৰ সময়সীমা ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈকে থাকিব।

২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ কথা আছে।

শনিবাৰে (২০ জুলাই) ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তালিকাৰ খচৰা লাভ কৰিব আৰু ২৭ জুলাইৰ ভিতৰত মতামত দাখিল কৰিব লাগিব।

দাবী আৰু আপত্তি অনলাইনত দাখিল কৰিব নোৱাৰিব; বৰঞ্চ বুথ লেভেল অফিচাৰ (বিএলঅ’)ৰ জৰিয়তে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰ-পত্ৰৰ জৰিয়তে জমা দিব লাগিব।