NORTHEAST NOW (Assamese)
অসম

কিয় ভাৰতক ‘অসহযোগী’ দেশ হিচাপে ঘোষণা কৰিলে আমেৰিকাই? তালিকাত আৰু কোন দেশ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2024 9:03 am

আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড শুল্ক বলবৎকাৰী সংস্থা (আইচিই)ই এইবাৰ ভাৰতক ‘অসহযোগী’ দেশ হিচাপে তালিকাভুক্ত কৰিছে। ভাৰতৰ বাহিৰেও এই তালিকাত ভূটান, কিউবা, ইৰাণ, পাকিস্তান, ৰাছিয়া আৰু ভেনিজুৱেলাক অন্তৰ্ভুক্ত কৰা হৈছে।

সংস্থাটোৱে জনায় যে ‘অসহযোগী’ তালিকাত থকা দেশসমূহে সাক্ষাৎকাৰ গ্ৰহণ, সময়মতে ভ্ৰমণৰ নথি-পত্ৰ প্ৰদান কৰা আৰু নিৰ্ধাৰিত বিমান যাত্ৰাত নিজৰ নাগৰিকসকলক ঘূৰাই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাত ব্যৰ্থ হৈছে।

আইচিইৰ “অসহযোগী” তালিকাখন হৈছে সেই নিৰ্দিষ্ট দেশসমূহৰ তালিকা যিবোৰে প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াত পৰ্যাপ্ত সহযোগিতা কৰা নাই বুলি বিশ্বাস কৰে আমেৰিকান কৰ্তৃপক্ষই।

আইচিইৰ তালিকা অনুসৰি ১৪.৫ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা বিতাড়িত কৰাৰ কথা। ইয়াৰে ১৮ হাজাৰ অনুপ্ৰৱেশকাৰী ভাৰতীয়। শেহতীয়া বছৰবোৰত প্ৰায় ৯০ হাজাৰ ভাৰতীয়ক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা অৱস্থাত আটক কৰি ৰখা হৈছে।

অৱশ্যে আমেৰিকাত ২ লাখ ৬১ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে হণ্ডুৰাছ শীৰ্ষত আছে। তাৰ পিছত গুৱেটামালাৰ ২৫৩ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰী আছে। এছিয়াত ৩৭ হাজাৰ ৯০৮ জন অনুপ্ৰৱেশকাৰীৰে শীৰ্ষত আছে চীন। আৰু ভাৰত এই তালিকাত ১৩ নম্বৰ স্থানত আছে।