NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ৪.০ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 9:13 pm

মঙলবাৰে মণিপুৰৰ চান্দেল জিলাত এটা ৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে মণিপুৰৰ মইৰাঙৰ পৰা ৪৩ কিলোমিটাৰ দক্ষিণপূবত ১৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল।

বাতৰি লিখাৰ সময়লৈ ভূমিকম্পটোৰ ফলত অঞ্চলটোত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি লাভ কৰা হোৱা নায়।

বিগত ২১ জুনতো এটা মধ্যমীয়া ধৰণৰ ভূমিকম্পই মণিপুৰক জোকাৰি গৈছিল।

সোমবাৰে মণিপুৰৰ চুবুৰীয়া অৰুণাচলপ্ৰদেশতো এটা মজলীয়া ধৰণৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

বিগত ২৪ জুলাইতো মিজোৰামৰ চাম্ফাই জিলাক এটা ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল।

উত্তৰ-পূবত বিগত মাহৰ পৰা ক্ৰমাগতভাৱে হৈ থকা ভূমিকম্প সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে চিন্তা ব্যক্ত কৰিছে।