NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত পুনৰ ৩৯জন ক’ভিড-১৯ ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ৪৬৬লৈ বৃদ্ধি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 25, 2020 2:11 pm
498 persons cured of COVID-19 in Assam

অসমত পুনৰ ৩৯ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে, ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৬৬ জনলৈ বৃদ্ধি পায়।

শেহতীয়াকৈ চিনাক্ত হোৱা লোক কেইজনৰ ৩৫ জন গোলাঘাটৰ, তিনিজন ধেমাজিৰ আৰু এজন নগাঁৱৰ।

টুইটাৰ যোগে এই কথা জানিব দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ ৫৭ জন ৰোগীক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ৪০২ জন ৰোগী বৰ্তমানলৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪ জন ৰোগীৰ  মৃত্যু হয়।

ইফালে আজি ৰাতিপুৱা গোলাঘাটৰ ১৮ জন, কোকৰাঝাৰৰ কোৱাৰেন্টাইন চেন্টাৰৰৰ ৬জন, ৫ জন কৰিমগঞ্জ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ দুজন, যোৰহাট আৰু ধেমাজি জিলাৰ এজন ৰোগী আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ দিনটোত এতিয়ালৈকে মুঠ ৭৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হয়। ইয়াৰে ৫৩ গৰাকী লোক গোলাঘাট জিলাৰ।

কালি অৰ্থাৎ দেওবাৰৰ দিনটোত কোভিদ-১৯ ত আক্ৰান্ত মুঠ ৪৬ গৰাকী লোক ধৰা পৰিছিল আৰু শনিবাৰে ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’নাৰ উপস্থিতি পোৱা গৈছিল।