NORTHEAST NOW (Assamese)
Popular Stories

সনাতন ডেকাৰ হত্যাৰ ন্যায় বিচাৰি অভিনৱ পদ্ধতিৰে প্ৰতিবাদ এটি মুছলমান পৰিয়ালৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 25, 2020 3:08 pm

হাজোৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি অভিনৱ পদ্ধতিৰে প্ৰতিবাদ কৰিছে এটি মুছলমান পৰিয়ালে।

আজি পবিত্ৰ ঈদৰ দিনটোত হাতত প্লে কাৰ্ড লৈ মৰিগাঁৱৰ এটি ইছলাম ধৰ্মালম্বী পৰিয়ালে সনাতন ডেকাৰ হত্যাৰ উচিত চদন্তৰ দাবী তোলে।

পৰিয়ালৰ এজন সদস্যই ছ’চিয়েল মিডিয়াযোগে এই ঘটনাক নিন্দনীয় আখ্যা দি লিখে, ‘মানুহৰ নৈতিকতা, সহনশীলতা, মানৱীয়তা, মৰম, ভাতৃত্ববোধ ধ্বংস গৰাহত।আমি যেন মানৱ নহয় দানৱ হে। অসম্ভৱ যদিও পবিত্ৰ ঈদৰ দিনটো সুন্দৰ এখন সমাজ স্থাপন হওঁক”।

পৰিয়ালটোৰ সদস্য সকলে সনাতন ডেকা হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰাৰ লগতে সকলো ধৰণৰ অপৰাধৰ বিৰোধীতা কৰা কথা উল্লেখ কৰি প্লে কাৰ্ডযোগে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ড: ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে যোৱা ২২ মে’ত হাজোৰ মনাহকুছি গাঁৱৰ সনাতন ডেকা নামৰ শাক পাচলি ব্যৱসায়ীজনক পাঁচগৰাকী দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে আৰক্ষীয়ে সনাতন ডেকাৰ হত্যাৰ মূল অভিযুক্ত ফাইজুল হক আৰু ইউছুফ উদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।