NORTHEAST NOW (Assamese)
Popular Stories

ডেংগুৰ বাবে কমি গৈছে প্লেটলেট; চেন্নাইৰ হাস্পাতালত ভৰ্তি তাৰকা অ’পেনাৰ শুভমন গীল!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 10, 2023 8:48 am

ভাৰতৰ তাৰকা অ’পেনাৰ শুভমন গীলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাতৰি অনুসৰি, সোমবাৰে পুৱা তেওঁক চেন্নাইৰ কাবেৰী হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে,গীলৰ প্লেটলেটৰ সংখ্যা অত্যন্ত কমি গৈছে। সেইবাবেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

বাতৰি অনুসৰি, যোৱা কেইদিনমানৰ পৰা গীলৰ প্লেটলেটৰ সংখ্যা কমি আছে। এনে পৰিস্থিতিত চিকিৎসকে গীলক বিমানত নুঠিবলৈ পৰামৰ্শ দিয়ে।

লগতে পঢ়কঃ আমেৰিকাৰ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনে লাভ কৰিলে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা

সেয়ে, আফগানিস্তানৰ বিৰুদ্ধে খেলিবলৈ যোৱা দলটোৰ সৈতে দিল্লীলৈ যোৱা নাই গীল। বৰঞ্চ তেওঁক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।

যোৱা ৪ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচ খেলিবলৈ চেন্নাইত উপস্থিত হোৱাৰ পিছৰে পৰা ভাৰতীয় দলৰ অধিকাংশই ব্যক্তিগতভাৱে গীলক দেখা পোৱা নাই।

বাতৰি মতে, গীল টিম হোটেলত আছিল য’ত কাবেৰী হাস্পতালৰ চিকিৎসকে আহি তেওঁক চোৱাচিতা কৰি আছিল। তেজৰ পৰীক্ষাও কৰিছিল।