NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে গুৱাহাটীত আৰক্ষীৰ জালত পৰিল পাঁচজন দুৰ্ধর্ষ চোৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 30, 2020 3:17 pm

লকডাউনৰ মাজতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা মহানগৰ আৰক্ষীয়ে পাঁচজনকৈ দুৰ্ধর্ষ চোৰক আটক কৰে।

চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উক্ত চোৰকেইজন যোৱা ২৭ এপ্ৰিলত শিলপুখুৰীৰ পঞ্চৱতী আশ্ৰমত সংঘটিত চুৰি কাণ্ডত জড়িত আছিল। জেৰাত তেওঁলোকে এই কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পৃথকে পৃথকে গান্ধীবস্তি ৰে’ল লাইনৰ সমীপৰ পৰা চোৰকেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

ধৃত চোৰকেইজন হ’ল ধুবুৰী বেপাৰীপট্টিৰ ছাফিকুল ইছলাম (২৮) আৰু কাইম আলী (১৮), মানকাচাৰৰ মেহবুব আলী (১৯), কলগাচিয়াৰ জাহিৰুল আলী (১৯)। আনহাতে গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত দৰং জিলাৰ  নিমতুলীৰ এটি ১২ বছৰীয়া নাবালকো আছে।

ধৃত চোৰ কেইজনৰ পৰা আশ্ৰমখনৰ পুৰণি কাহ-পিতলৰ বহু সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ চাৰিটাকৈ মোবাইল ফোন জব্দ কৰে। পিছত ধৃত চোৰ কেইজনক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।