NORTHEAST NOW (Assamese)
অসম

মিজোৰামৰ কৰ’না আক্ৰান্ত ব্যক্তিৰ সৈতে বিমানত যাত্ৰা কৰা অসমৰ যুৱকক হাস্পাতলত ভৰ্তি

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া March 26, 2020 7:11 am
48 persons test COVID-19 positive in Tripura on Friday

COVID-19 ধৰা পৰা মিজোৰামৰ যাত্ৰীজনৰ সৈতে একেখন বিমানতে যাত্ৰা কৰা এজন যুৱকক গোলাঘাট জিলা প্ৰশাসনে চিনাক্ত কৰাৰ পাছত জিম্মাত লৈছে।

যুৱকজনক কুশল কোঁৱৰ অসামৰিক হাস্পাতলত বিশেষ ৱাৰ্ডত (আইছ’লেশ্যন) ৰখা হৈছে।

‘’ তেওঁ যোৱা ১৬ মাৰ্চত আহি উপস্থিত হোৱাৰ পাছৰে পৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়াৰ অংশ হিচাপে গৃহতে আৱদ্ধ কৰি ৰখা হৈছে,’’জিলা তথ্য আৰু জনসংযোগ বিষয়া পাপু গগৈয়ে কয়।

মিজোৰামৰ আক্ৰান্ত ৰোগীজনে যাত্ৰা কৰা বিমানখনৰ যাত্ৰীসকলৰ বিতং তথ্য পৰীক্ষা কৰি চোৱাৰ পাছত এই যুৱকজনৰ নামটো পোহৰলৈ আহে।

‘’সেইদৰে আমি তেওঁক অসামৰিক হাস্পাতলৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি কৰাইছো আৰু তেওঁৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে,’’-গগৈয়ে কয়।

‘’তেওঁ আহি অসমত উপস্থিত হোৱাৰ পাছত তেওঁৰ সৈতে সম্পৰ্কলৈ অহা মানুহবোৰৰ তথ্যও আমি পৰীক্ষা কৰি আছো,’’-গগৈয়ে লগতে কয়।

কুশল কোঁৱৰ অসামৰিক হাস্পাতলত বৰ্তমান COVID-19ৰ বাবে চাৰিখন আইছ’লেশ্যন বিচনা আছে।

মিজোৰামৰ এজন ৫০ বছৰীয়া ব্যক্তিৰ বুধবাৰে ৰাতিপুৱা কৰ’নাভাইৰাছ পৰীক্ষাত পজিটিভ পোৱা গৈছে।

মিজোৰামত প্ৰথমটো পৰীক্ষা কৰাৰ পাছত দ্বিতীয়টো নমুনা পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতললৈ অনা হৈছিল।

বুধবাৰে পুৱা দ্বিতীয়টো নমুনাও পজিটিভ পোৱা গৈছে।

জিএমচিএইচৰ অধীক্ষক ৰমেন তালুকদাৰে নৰ্থইষ্ট নাওক এই কথা জানিবলৈ দিছিল।

জানিব পৰা মতে, আক্ৰান্ত লোকজনে শেহতীয়াকৈ কেইবাখনো দেশ ভ্ৰমণ কৰিছিল।