NORTHEAST NOW (Assamese)
Popular Stories

বাংগালুৰুত ভেলেণ্টাইন ডে’ৰ দিনা বিবাহপাশত আৱদ্ধ হ’ল এহাল ঘোঁৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 3:36 pm
horse-wedding-bengaluru-759

ভেলেণ্টাইন ডে’ হৈছে প্ৰেমৰ দিন। এই প্ৰেমৰ দিনৰ দিনাই বাংগালুৰুত বিবাহপাশত আৱদ্ধ হ’ল এহাল ঘোঁৰা।

সংবাদ প্ৰতিষ্ঠান এ এন আইৰ বাতৰি অনুসৰি বাংগালুৰুৰ ‘চালৱালী বাটাল পাস্কা’ই বাংগালুৰুত এক নতুনত্বৰে ভেলেণ্টাইন ডে’ উদযাপন কৰিবলৈ এই অভিনৱ পন্থা অৱলম্বন কৰে।

ৰাজা আৰু ৰাণী নামেৰে পৰিচিত ঘোঁৰাহালক ভিন্নৰঙী পোছাক পিন্ধাই কুব্ব’ন পাৰ্কত বিবাহসম্পন্ন কৰা হয়। বিবাহ অুষ্ঠানত পৰম্পৰাগত ‘নাডাস্বৰম’ আৰু ‘তাবিল’ নৃত্য-গীত পৰিৱেশন কৰি শোভাাত্রাও উলিওৱা হয় । কৰ্ণাটকৰ নিউজ ৱান নামৰ এটা চেনেলৰ এটা ভিডিঅ’ত এই দৃশ্য দেখা গৈছে।

বিবাহপাশত আৱদ্ধ দৰা ঘোঁৰাটোক ধূতি আৰু কইনা ঘোঁৰাজনীক শাৰী পিন্ধাই ডিঙিত মঙ্গলসূত্ৰও আঁৰি দিয়া হয়।

প্ৰ’ কানাড়া এক্টিভিষ্ট আৰু কানাড়া বাটাল পাৰ্টিৰ অধ্যক্ষ বাটাল নাগাৰাজে বিবাহস্থলীত উপস্থিত থাকি বিবাহিত ঘোঁৰাহালক কাপোৰৰ আৰু বিভিন্ন উপহাৰ দিয়াৰ লগতে উপস্থিতসকলৰ মাজত মিঠাইও বিতৰণ কৰে।

ভেলেণ্টাইন ডে’ বিৰোধীসকলেও এই বিবাহ অনুষ্ঠান সমৰ্থন কৰা বুলি জানিব পৰা গৈছে। আনহাতে এয়াই প্ৰথম নহয় বিগত বৰ্ষৰ ভেলেণ্টাইন ডে’ৰ দিনাও নাগাৰাজৰ উদ্যোগত জাক্কু আৰু কাৰ’লিয়ন নামৰ এহাল ভেৰাৰ মাজত বিবাহসম্পন্ন কৰা হৈছিল।

ইফালে নাগাৰাজে ‘প্ৰেমৰ সমৰ্থকসকল’ৰ সমৰ্থনত কেন্দ্ৰীয় আৰু কৰ্ণাটক ৰাজ্য চৰকাৰক ক্ৰমে ১ লাখ আৰু ৫০ হাজাৰ টকাকৈ প্ৰদান কৰি এই বিবাহ অনুষ্ঠানক সহায় কৰিব লাগে বুলিও মত প্ৰকাশ কৰে।