NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনে লাভ কৰিলে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2023 7:45 am

অধ্যাপিকা ক্লাউডিয়া গোল্ডিনে (Claudia Goldin) অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছে। সোমবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে আয়োজন কৰা এক সংবাদমেলত ২০২৩ চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা গোল্ডিনৰ নাম ঘোষণা কৰা হয়। নাৰী শ্ৰমৰ বিকাশৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দিশৰ স্বীকৃতি স্বৰূপে গোল্ডিনে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।

ক্লাউডিয়া গোল্ডিনে মহিলাৰ উপাৰ্জন আৰু শ্ৰম বজাৰত অংশগ্ৰহণৰ প্ৰথম বিশদ বিৱৰণী প্ৰদান কৰা বুলি উল্লেখ কৰি ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ক্লাউডিয়া গোল্ডিনক অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী হিচাপে ঘোষণা কৰে। তদুপৰি, সামাজিক পৰিৱৰ্তনৰ কাৰণো তেওঁৰ গৱেষণাত উন্মোচিত হৈছে।

লগতে পঢ়কঃ এইবাৰ ১০০০ বিঘাৰ বিশাল মাটিত চকু ৰিণিকি ভূঞা শৰ্মাৰ!

শেহতীয়াকৈ ইৰাণৰ কাৰাগাৰত বন্দী মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। দেশত ‘নাৰীৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া’ আৰু ‘সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰ কৰা’ৰ বাবে নাৰ্গেছক নোবেল কমিটীয়ে শান্তিৰ নোবেল বঁটা প্ৰদান কৰে। ইয়াৰ পিছত নোবেল কমিটীয়ে নাৰী শ্ৰমৰ ক্ষেত্ৰত এক বিশেষ দিশ দেখুওৱাৰ বাবে অৰ্থনীতিত গোল্ডিনৰ নাম ঘোষণা কৰে।

উল্লেখ্য যে ২ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈকে এইবাৰৰ নোবেল বিজয়ীসকলৰ নাম পৰ্যায়ক্ৰমে ঘোষণা কৰা হয়। যোৱা ২ অক্টোবৰত চিকিৎসা বিজ্ঞানত, ৩ অক্টোবৰত পদাৰ্থ বিজ্ঞানত, ৪ অক্টোবৰত ৰসায়ন বিজ্ঞানত, ৫ অক্টোবৰত সাহিত্যত আৰু ৬ অক্টোবৰত শান্তিৰ নোবেল বিজয়ীৰ নাম ঘোষণা কৰা হয়। দুদিন পিছত অৰ্থনীতিৰ নোবেল বঁটা বিজয়ীগৰাকীৰ নাম ঘোষণা কৰা হয়।

লগতে পঢ়কঃভিডিঅ’ কলযোগে কথা পাতি আছিল স্বামীৰ লগত, কৈছিল ‘মই সম্পূৰ্ণ নিৰাপদ’ , তেনেতেই ৰকেটৰ শব্দ…

যোৱা বছৰ ৩ জন আমেৰিকান ব্যক্তিয়ে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল। তেওঁলোক হ’ল বেন এছ বাৰ্নাংকে, ডগলাছ ডব্লিউ ডাইমণ্ড আৰু ফিলিপ এইচ ডাইবভিগ। বেংক আৰু বিত্তীয় সংকটৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁলোকে নোবেল বঁটা লাভ কৰে।