NORTHEAST NOW (Assamese)

কয়লা কেলেংকাৰিত জড়িত পাঁচজন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

April 19, 2018 11:07 am · এন ই নাও নিউজ

বৰাকত সংঘটিত কয়লা কেলেংকাৰীত জড়িত থকা পাঁচজন পৰিবহণ, কৰ আৰু চক্ৰ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে  চি আই ডিয়ে কাছাৰৰ কৰ অধীক্ষক সৌৰভ কুমাৰ দাসক জেৰা অব্যাহত ৰাখিছে।

দাসক চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰাৰ পিছত তেওঁ আহি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছৰে পৰা কেইবাঘণ্টা ধৰি তেওঁক বৰাক উপত্যকাৰ দীঘলখাল চে’কগে’টত সংঘটিত ছিণ্ডিকেট সন্দৰ্ভত জেৰা কৰা হয়।

মঙলবাৰে আন পাঁচজন বিষয়াক গুৱাহাটীৰ চি আই ডি কাৰ্যালয়লৈ তলব কৰি প্ৰায় ৮ ঘণ্টা জেৰা কৰাৰ পাছত অনিয়ম কৰাটো নিশ্চিত হোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা শিলচৰৰ এনফ’ৰ্চমেণ্ট পৰিদৰ্শক বিশ্বজিৎ ভট্টাচাৰ্য, সহকাৰী এনফ’ৰ্চমেণ্ট পৰিদৰ্শক বাবুল মণ্ডল, কাছাৰ জিলাৰ কাটিগড়াৰ ৰাজহ চক্ৰ বিষয়া মঞ্জুৰ ইলাহী বৰভূঞা, শিলচৰৰ কৰ অধীক্ষক সজল দাস আৰু শিলচৰৰ কৰ পৰিদৰ্শক অঞ্জনজ্যোতি বৰাক বুধবাৰে প্ৰায় সমগ্ৰ দিনজুৰি মাৰাথন জেৰা অব্যাহত ৰাখে তদন্তকাৰী চি আই ডিয়ে।

বিয়লি তেওঁলোকক ৰাজ্যৰ বিশেষ আদালতত হাজিৰ কৰে। কিন্তু লক্ষণীয়ভাৱে  চি আই ডিয়ে তেওঁলোকক নিজৰ জিম্মাত  নিবিচৰাত আদালতে পাচোঁজন বিষয়াকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

মঙলবাৰে পাঁচোজন ধৃত বিষয়াই আদালতত জামিন আৱেদন কৰে। আদালতে  এই সন্দৰ্ভত শুনানি গ্ৰহণ নকৰি ৭ দিনৰ ভিতৰত আৰক্ষীক তেওঁলোকৰ কেছ ডায়েৰী আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

শেহতীয়াকৈ চি আই ডিক ৰাজ্যৰ সকলো কয়লা ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ দিয়াৰ পাছত চি আই ডিয়ে এই সন্দৰ্ভত পঞ্জীয়ন কৰা ৬/২০১৮নং গোচৰ সন্দৰ্ভত দীঘৰখাল গে’টত অতৰ্কিত অভিযানো চলাইছিল। কাছাৰ আৰু কৰিমগঞ্জ জিলাত চলোৱা অভিযানত কয়লা সৰবৰাহত ক্ষেত্ৰত ব্যাপক অনিয়ম হৈ থকাৰ কথা স্পষ্ট হৈছিল।

Related News