NORTHEAST NOW (Assamese)

কৰ্তব্যত অৱহেলাৰ অভিযোগত খণ্ড উন্নয়ন বিষয়াক নিলম্বন ত্ৰিপুৰাৰ নতুন মুখ্য মন্ত্ৰীৰ

March 13, 2018 7:50 pm · পান্না ঘোষ

কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত ত্ৰিপুৰাৰ নতুন মুখ্য মন্ত্ৰী বিপ্লব দেবে মঙলবাৰে নিলম্বিত কৰিছে দুম্বুৰ নগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰদীপ দেববাৰ্মা আৰু আন দুজন কৰ্মচাৰীক।

ভগীৰথপাৰা গাওঁ ভ্ৰমণ কৰি গাওঁখনৰ শৌচাগাৰসমূহৰ শোচনীয় অৱস্থা দেখাৰ পিছত মুখ্য মন্ত্ৰীয়ে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত চৰকাৰী কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ধলাইৰ জিলা উপায়ুক্ত ৱিকাশ সিঙক নিৰ্দেশ দিয়ে।

গাওঁখন ভ্ৰমণ কৰাৰ পূৰ্বে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত ভাগ লোৱাৰ বাবে মুখ্য মন্ত্ৰীগৰাকীয়ে মঙলবাৰে গন্দচেৰা উন্নয়ন খণ্ড ভ্ৰমণ কৰিছিল।

মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কোনো মহকুমালৈ ইয়ে আছিল তেওঁৰ প্ৰথম ভ্ৰমণ।

গন্দচেৰাৰ মহকুমা সদৰত দেবে বৈঠকখনত সভাপতিত্ব কৰিছিল।

Related News