NORTHEAST NOW (Assamese)
অসম

কৰৱী-দূবৰি হত্যাকাণ্ড : ভাগ্য কলিতাৰ বিৰুদ্ধে চিবিআইৰ পুনৰবিচাৰৰ আবেদনৰ শুনানি আৰম্ভ

Posted by: এন ই নাও নিউজ June 8, 2018 10:31 pm
Guwahati-High-court

২২ বছৰ পুৰণি চাঞ্চল্যকৰ কৰৱী-দূবৰি হত্যাকাণ্ডৰ অভিযোগত ব্যৱসায়ী ভাগ্য কলিতাৰ বিৰুদ্ধে চিবিআই-এ কৰা আবেদনৰ শুনানি আজি ৮ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰম্ভ কৰিছে।

অভিযুক্ত ভাগ্য কলিতা আজিৰ শুনানিত উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

হত্যাৰ গোচৰটোত ভাগ্য কলিতাক যোৱা বছৰ গুৱাহাটীৰ সত্ৰ ন্যায়ালয়ে দোষমুক্ত বুলি ঘোষণা কৰাৰ পিছত চিবিআই-এ এই ৰায়ৰ প্ৰত্যাহ্বান জনাই নতুনকৈ আবেদন কৰিছিল।

পৰৱৰ্তী শুনানি অহা ১ আগষ্টত হ’ব বুলি জানিব পৰা গৈছে। অভিযুক্ত ভাগ্য কলিতা আৰু তেওঁৰ গাড়ীচালকজনৰ বিৰুদ্ধে পৰ্য্যাপ্ত তথ্য থকা বুলি চিবিআয়ে আদালতত দাবী কৰিছে বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ আমবাৰীত কৰৱী দাস আৰু তেওঁৰ নাবালিকা কন্যা দুবৰিক তেওঁলোকৰ বাসগৃহত গুলীয়াই হত্যা কৰা হৈছিল।