কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ ৬ফুট দূৰত্ব কিমান কাৰ্যকৰী? গৱেষণাত পোহৰলৈ আহিছে নতুন দিশ

কৰ’নাৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৬ফুট দূৰত্বৰ বিধি মানি চলাটো জৰুৰী বুলি বিশেষজ্ঞসকলে ৰায় দি আহিছে।
কিন্তু প্ৰকৃততে ই কিমান কাৰ্যকৰী তাক লৈ এতিয়া প্ৰশ্ন উঠিছে।
নতুন এক গৱেষণাত বিশেষজ্ঞসকলে দাবী কৰিছে যে কৰ’না ভাইৰাছ ৬ফুটত কৈ অধিক দূৰত্বলৈ সংক্ৰমিত কৰিবলৈ সক্ষম।
সেয়ে হ’লে, ৬ফুট দূৰত্ব মানি চলিলেই যে সংক্ৰমণ ৰোধ কৰিব পৰা যাব সেয়া নিশ্চিত নহয়। গৱেষণাৰ এই নতুন তথ্য প্ৰকাশ পোৱাৰ পাছত স্বাভাৱিকতে লোকৰ আশংকা বৃদ্ধি পাইছে।
চলিত সপ্তাহত BMJ জাৰ্ণেলত প্ৰকাশ পোৱা এই তথ্যই নতুন আশংকাৰ সৃষ্টি কৰিছে। ইয়াত কোৱা হৈছে যে ৬ফুট দূৰত্বৰ ন্যুনতম বিধি ঠিক আছে কিন্তু মুকলি বতাহ বলাৰ বাতাবৰণ নথকা পৰিস্থিতি ৬ফুটৰ অধিক দূৰত্ব বজাই ৰখা দৰকাৰ।
এই গৱেষণাৰ অন্যতম গৱেষক ভৰ্জিনিয়া টেক চিভিল এণ্ড এনভাইৰ’নমেন্টে ইঞ্জিনিয়াৰিঙৰ অধ্যাপক নিনছে মাৰে কয়,’’৬ফুট দূৰত্ব মানে সংক্ৰমণৰ আশংকা নোহোৱা কথাটো সঠিক নহয়। ন্যুনতম দূৰত্ব হিচাপেহে ই ঠিক আছে।‘’
কৰ’না ভাইৰাছ বতাহৰ জৰিয়তেও বিয়পিব পাৰে গতিকেই সমস্যাটো তাতেই আৰম্ভ হৈছে।
কল’ৰাডো বিশ্ববিদ্যালয়ৰ এয়াৰ’ছল বিশেষজ্ঞ হোছে লুইছ জিমনেজে কৈছে যে ৱাশ্বিংটনৰ এখন সংগীতানুষ্ঠানৰ অনুশীলনৰ সময়ত এগৰাকী কণ্ঠশিল্পীৰ জৰিয়তে ৪৫ফুট দূৰত্বলৈ সংক্ৰমিত হৈছে এই ভাইৰাছ। ইয়াৰ ফলত প্ৰায় ৫২জন লোক আক্ৰান্ত হৈছিল। গতিকেই অকল সামাজিক দূৰত্বই সংক্ৰমণ ৰোধ কৰিব নোৱাৰে।
অৱশ্যে, তেওঁ লগতে কয় যে বাহিৰত সামাজিক দূৰত্ব আৰু ভালকৈ মাস্ক পৰিধান কৰাটোৰ দ্বাৰাহে সংক্ৰমণ ৰোধ কৰিব পৰা যায়।
কৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত পৰিস্থিতিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। তথাপি ৬ফুট দূৰত্বৰ বিধি মানি চলিলেও সেয়া যে সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় সেয়া সঠিক নহয় আৰু তাকে লৈ এতিয়া চৰ্চা অব্যাহত আছে।