NORTHEAST NOW (Assamese)

কৰ ফাঁকি চক্ৰ চলোৱা গুৱাহাটীৰ কৰ আয়ুক্তকে ধৰি চাৰিজনক পুনৰ চি বি আইৰ জিম্মালৈ

April 17, 2018 7:11 pm · এন ই নাও নিউজ

চি বি আয়ে গ্ৰেপ্তাৰ কৰা আয়কৰ বিষয়া তিনিগৰাকী আৰু কৰ পৰামৰ্শদাতাজনক আজি ১৭ এপ্ৰিলত তিনিদিনৰ চি বি আই ( CBI ) জিম্মাত দিছে গুৱাহাটীৰ চি বি আই বিশেষ আদালতে।

৫০ লাখ টকাৰ ঘোচ দিয়াৰ চেষ্টা কৰোঁতে যোৱা শুকুৰবাৰে নতুন দিল্লীত চি বি আয়ে গুৱাহাটীৰ আয়কৰ আয়ুক্ত শ্বেতাভ সুমনক গ্ৰেপ্তাৰ কৰিছিল।

গোচৰটো সন্দৰ্ভত অধিবক্তা তথা কৰ পৰামৰ্শদাতা ৰমেশ গোৱেংকাৰ লগতে কৰ বিষয়া প্ৰতাপ দাস আৰু প্ৰাঞ্জল শৰ্মাকো চি বি আয়ে গ্ৰেপ্তাৰ কৰিছে।

যোৱা তিনিদিনৰ জিম্মা শেষ হোৱাৰ পিছত গ্ৰেপ্তাৰ হোৱা লোককেইজনক আজি চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল। অহা ২০ এপ্ৰিলত পুনৰ তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব।

কৰৰ পৰা হাত সৰাৰ বাবে এই চক্ৰ চলাই থকা দুজন আয়কৰ বিষয়া, দুজন কৰ পৰামৰ্শদাতা আৰু এখন ব্যক্তিগত ফাৰ্মৰ মালিকক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল।

এখন এজাহাৰৰ ভিত্তিত গুৱাহাটী, যোৰহাট, নগাওঁ, শ্বিলং, নইদা, নতুন দিল্লী আৰু নজৰত থকা ফাৰ্মখনৰ লগত সংযোগ থকা কিছুমান ঠাইত চি বি আয়ে তালাচী চলাইছিল।

তালাচীৰ সময়ত জব্দ কৰা কিছুমান নথি সংস্থাটোৱে বৰ্তমান পৰীক্ষা কৰি আছে। অভিযুক্ত কৰ বিষয়াজনক দিবলে অনা ৪০ লাখ টকাও এজন মধ্যভোগীৰ পৰা চি বি আয়ে জব্দ কৰিছিল।

Related News