NORTHEAST NOW (Assamese)

খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ, কৃতি শিক্ষক সমাজকৰ্মী মিঠাৰাম গগৈৰ পৰলোক›প্ৰাপ্তি

January 11, 2018 8:46 pm · ৰাজীৱ দত্ত
Updated: January 11, 2018 8:49 pm

শিৱসাগৰ জিলাৰ খনামুখ অঞ্চলৰ এক মাত্ৰ উচ্চ শিক্ষানুষ্ঠান খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ (ভাৰপ্ৰাপ্ত), শিৱসাগৰ জিলাৰ কৃতি শিক্ষকৰ বঁটা প্ৰাপক, শিৱসাগৰ জিলা গ্ৰাম্য পুথি ভঁৰাল সন্থাৰ প্ৰাক্তন উপ-সভাপতি  ,শিৱসাগৰ জিলা মাধ্যমিক শিক্ষক সন্থাৰ সদস্য তথা খনামুখ ২ নং মাউত গাওঁ নিবাসী  মিঠাৰাম গগৈৰ নিশা প্ৰায় এক বজাত হৃদজনিত ৰোগত  আক্ৰান্ত হৈ শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল  ৬৩ বছৰ । পৰিয়ালৰ লোকে  জানিবলৈ দিয়া মতে কালি সন্ধিয়াৰ ভাগত হঠাৎ অসুস্থ হৈ পৰা শিক্ষাবিদগৰাকীক ততাতৈয়াকৈ শিৱসাগৰৰ আদিত্য হস্পিটেলত ভৰ্ত্তি কৰা হৈছিল যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আজি তেওঁৰ মৃতদেহ নিজগৃহলৈ অনাৰ পাছত আজীৱন কৰ্মস্থলী খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনলৈ নিয়া হয় আৰু তাতেই  বিদ্যালয়ৰ অধ্যক্ষ মাণিক  লাহনকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী  আৰু ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাবিদ গৰাকীৰ নশ্বৰদেহত পুস্পাঞ্জলী অপৰ্ণ  কৰাৰ লগতে ¸  বিদ্যালয়খনলৈ তেখেতে  আগবঢ়াই থৈ যোৱা অন্যবদ্য সেৱাৰ কথা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি আবেগিক হৈ পৰে।

২০১৫ চনৰ ১১ মে’ত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা  নিৰ্জু, স্বল্পভাষী, গম্ভীৰ ব্যক্তিত্বৰ এই গৰাকী শিক্ষাবিদ অঞ্চলটোৰ  অন্যতম সামাজিক-সাংস্কৃতিক  অনুষ্ঠান খনামুখ শ্ৰীশ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ গুৰিয়াল আছিল । ইয়াৰোপৰি খনামুখ ২ নং মাউত গাওঁ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি, খনামুখ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াই থৈ গৈছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসম হাই¦স্কুল শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে সেৱা আগবঢ়াই অহা গগৈয়ে কালি নিজেই শিৱসাগৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ কাগজ সমূহ সংগ্ৰহ কৰি আগন্তক ভোগালী বিহুত চেলুনত ভিৰ হ’ব বুলি ভাবি চুলি-ডাঢ়ি কাটি ৰং সানি পৰিয়ালৰ সৈতে মাঘ বিহুৰ উপভোগ কৰিবৰ কাৰণে সাজু হোৱা শিক্ষক জনৰ আকস্মিক বিয়োগে পৰিয়ালটোৰ লগতে সমগ্ৰ খনামুখ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ।

তেওঁৰ মৃত্যুত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়,খনামুখ মজলীয়া বিদ্যালয়,খনামুখ ২ নং মাউত গাওঁ নামঘৰ সমাজ, শিৱসাগৰ জিলা গ্ৰাম্য পুথি ভৰাঁল সন্থা, সদৌ অসম গ্ৰাম্য পুথি ভৰাঁল সন্থা , খনামুখ শ্ৰীশ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰ, খনামুখ আঞ্চলিক বিহু সুৰক্ষা সমিতি, খনামুখ গাওঁ পঞ্চায়ত, খনামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, চাৰিং দুৰ্ল্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চ মাধ্যমিক বিদ্যালয়,মাধ্যমিক শিক্ষক সংস্থাকে ধৰি খনামুখৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

ইয়াৰোপৰি সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰশান্ত কুমাৰ দত্তই প্ৰাক্তন সতীৰ্থ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।  উল্লেখ্য যে ২০১৬ চনৰ ১১মে’ত চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অসম হাই¦স্কুল সংস্থাৰ শিৱসাগৰ শাখাই  ৪৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণকালিন অধিৱেশনত এই গৰাকী শিক্ষাবিদক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাইছিল।

মৃত্যুৰ সময়ত তেওঁ  পত্নী তথা খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস বিভাগৰ বিষয় শিক্ষয়িত্ৰী নমিজ্যোতি গগৈ , দুগৰাকী কন্যা আৰু বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে।

Related News