NORTHEAST NOW (Assamese)
অসম

খানাপাৰাৰ খেলপথাৰ : আৰ টি আইৰ উত্তৰ লৈ অসন্তুষ্ট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য

Posted by: অনিৰ্বাণ পাঠক June 9, 2018 8:59 pm
dr kamal malla bujarbarua vc aau

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন সন্দৰ্ভত দাখিল কৰা আৰ টি আই আবেদনৰ উত্তৰক লৈ অসন্তুষ্ট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য।

উপাচাৰ্য্য ড০ কমল মল্ল বুজৰবৰুৱাৰ সৈতে আজি ৯ জুনত হোৱা টেলিফোনিক বাৰ্তালাপত নৰ্থ ইষ্ট নাওক এই কথা জানিবলৈ দি তেওঁ কয় যে আৰ টি আইৰ উত্তৰ দিয়াৰ কৰ্তৃত্ব ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ড০ ৰঞ্জিত নেওগৰ নাই।

উপাচাৰ্য্যৰ মতে বিশ্ববিদ্যালয়ৰ কোনো আৰ টি আইৰ উত্তৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল কাৰ্য্যালয়ৰ পৰাহে দিয়া হয়।

RanjitNeog aau
ডঃ ৰঞ্জিত নেওগৰ ফে’ছবুক মন্তব্য

বৰ্তমান দিল্লীত থকা উপাচাৰ্য্যগৰাকীয়ে খেলপথাৰখনৰ সন্দৰ্ভত গুৱাহাটীলৈ আহি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীনৰ লগত আলোচনা কৰিব বুলি জানিবলৈ দিয়ে।

নৰ্থ ইষ্ট নাও-ৰ বাতৰিৰ যোগেদিহে এই বিষয়সমূহ জানিব পাৰিছে বুলি মন্তব্য কৰে উপাচাৰ্য্যগৰাকীয়ে।

আনহাতে নৰ্থ ইষ্ট নাও-ৰ বাতৰিৰ প্ৰতিক্ৰিয়াত চ’চিয়েল মিডিয়াত ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ড০ ৰঞ্জিত নেওগে কৰা মন্তব্যক আওকাণ কৰিবলৈ কয় উপাচাৰ্য্য বুজৰবৰুৱাই।

বিশ্ববিদ্যালয় বা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ হৈ মন্তব্য ড০ নেওগে প্ৰদান কৰিব নোৱাৰে। তেওঁ চ’চিয়েল মিডিয়াত কৰা মন্তব্য বিশ্ববিদ্যালয়ৰ মন্তব্য নহয় বুলি উপাচাৰ্য্যই স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে অসমৰ ভিতৰতে বিশাল আৰু উৎকৃষ্ট গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন শাসনাধিষ্ঠ বিজেপি দলে ধ্বংস কৰা বুলি উঠা অভিযোগনৰ্থ ইষ্ট নাওৰ বিস্তাৰিত, ধাৰাৱাহিক প্ৰতিবেদনে ফাদিল কৰাৰ পিছত বিষয়টো লৈ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাও সৰৱ হৈ উঠিছিল।