NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক

Posted by: এন ই নাও নিউজ June 9, 2018 8:50 pm
PM Modi phones CM Sonowal, takes stock of recent situation in Assam

বিশিষ্ট নাট্যশিল্পী, পৰিচালক, অভিনেতা শুক্ৰাচাৰ্য ৰাভাৰ বিয়োগত মুখ্য মন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।

আজি এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে শুক্ৰাচাৰ্য ৰাভাই তেওঁৰ জীৱনকালত ব্যতিক্ৰমী চিন্তা আৰু একান্ত নিষ্ঠা সহকাৰে অসমৰ নাট্য জগতলৈ যি অৱদান আগবঢ়াই গ’ল, সেয়া অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে সংগীত নাটক একাডেমিৰ ওস্তাদ বিছমিল্লা খা যুৱ পুৰস্কাৰেৰে সন্মানিত এই গৰাকী নাট্যশিল্পীয়ে থিয়েটাৰ অলিম্পিকত অংশ গ্ৰহণ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছিল।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে শুক্ৰাচাৰ্য ৰাভাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে বিশিষ্ট নাট্য শিল্পী গৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও শোক প্ৰকাশ কৰে। আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী গৰাকীয়ে যে বিশিষ্ট নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্য্যাদা সহকাৰে কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়ে।

ইফালে মুখ্য মন্ত্ৰী গৰাকীয়ে ঝাৰখণ্ডৰ চৰাইকিনা জিলাৰ কুশল থানাৰ অন্তৰ্গত চামভো নামৰ অটব্য অৰণ্যত যোৱা ৭ জুনত মাওবাদীৰে হোৱা সংঘৰ্ষত চহিদ হোৱা চি আৰ পি এফৰ জোৱান উৎপল ৰাভাৰ মৃত্যুতো শোক প্ৰকাশ কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।